হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ৰাজাশিমলাত দেওবাৰে এটি গাৰো তীৰ্থ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ হোৱাত শিশু সহ মুঠ পাঁচ গৰাকী তীৰ্থযাত্ৰী আহত হৈ চিকিৎসাধীন হব লগা হৈছে। উল্লেখ্য যে, প্ৰতিবছৰেই মেঘালয়ৰ গাৰো পাহাৰৰ বিভিন্ন জিলাত গাৰো সম্প্ৰদায়ৰ লোক সকলে পালন কৰি অহা আচিক বেপিষ্ট ডালগীপা ক্ৰীমা সভাত অংশগ্ৰহণ কৰাৰ বাবে তীৰ্থযাত্ৰীৰ এক দল লৈ এমএল-০৮-চি-৯৪৩১ নম্বৰৰ ট্ৰেভেলাৰ এখন দেওবাৰে দুৰ্ঘটনাগ্ৰস্ত হয়। পথৰ ওপৰত প্ৰায় লক্ষাধিক ভক্তৰ সমাগমৰ ফলত সৃষ্টি হোৱা ভীৰৰ বাবে ট্ৰেভেলাৰখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰি এখন গছত খুন্দা মাৰে। ফলত ট্ৰেভেলাৰখনত থকা এটি কণমানি শিশু সহ মুঠ পাঁচ জন গাৰো তীৰ্থযাত্ৰী আহত হয়। আহতসকলক স্থানীয় ৰাজাশিমলা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আহত ব্যক্তিসকলৰ অৱস্থা অধিক সংকটজনক হোৱা বাবে ব্যক্তি কেইজনক ৰাজ্যখনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ তুৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তীৰ্থযাত্ৰীৰ বাহনখন তুৰাৰ পাৰ্শ্বৱৰ্তী খেৰাপাৰাৰ পৰা ধৰ্ম সভাখনলৈ আহিছিল আৰু সভাৰ অন্তিম দিনা ঘৰলৈ উভতি যোৱাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়।