বাক্সা

২১ নৱেম্বৰ

গীতে-মাতে পঞ্চমুখ এতিয়া বিটিচিত নিৰ্বাচনী পথাৰ। বাক্সা জিলাৰ দেৱচৰাত অনুস্থিত হোৱা ইউপিপিএল দলৰ নিৰ্বাচনী সভাত দলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হোৱাৰ লগে লগে ইউপিপিএল দলৰ শতাধীক সমৰ্থকে নৃত্য-গীতেৰে আদৰনী জনায় প্ৰমোদ বড়োক৷ সমৰ্থক সকলৰ লগতে নৃত্যত অংশগ্ৰহণ কৰে সভাপতি প্ৰমোদ বড়ো।

শনিবাৰে ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ দেৱচৰাৰ ইউপিপিএল দলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি প্ৰমোদ বড়োই বিজেপিৰে মিত্ৰতা সম্পৰ্কত কয় যে এতিয়া বিজেপিৰে মিত্ৰতা সন্দৰ্ভত একো ভবা নাই, নিৰ্বাচনী বতৰ চাব লাগিব৷ বতৰলৈ চাই হে মিত্ৰতা সম্পৰ্কে মন্তব্য কৰিম। বিপিএফৰ হেভিৱেট দুজন কালি বিজেপি লৈ যাব গতিকে বিপিএফ কিছু পাতল হ’ব বুলি কয় প্ৰমোদ বড়োই৷ কেইদিনমান পিছত আৰু কেইজনমান বিজেপিলৈ গ’লে বিপিএফ আৰু পাতল হ’ব৷ এদিন হাগ্ৰামা মহিলাৰী অকলশৰীয়া হ’ব সেইটো খাটাং৷ এতিয়ালৈ অকলে আহিছো অকলে যাম৷ ইউপিপিএলে চৰকাৰ গঠন কৰিব আৰু আমাৰ কাৰো লগত মিত্ৰতা নাই৷ হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসন কালত অপশাসন-দুৰ্নীতিয়ে চানি ধৰিছে বিটিচিত৷ ৰাইজে পৰিবৰ্তন বিচাৰিছে গতিকে ইউপিপিএলৰ চৰকাৰ হ’ব বুলি কয় প্ৰমোদ বড়োই৷ হাগ্ৰামা মহিলৰী এতিয়া ৰাইজক লৈ একো কব লগা নাই, একো আচনি নাই, একো মিচন নাই, কেৱল মদ খাব লাগে, দাদাগিৰি কৰিব লাগে সেইটোহে যানে হাগ্ৰামা মহিলৰীয়ে বুলিও মন্তব্য কৰে প্ৰমোদ বড়োই ৷

আগন্তুক বিটিচি নিৰ্বাচনত ৩০ খনতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব প্ৰমোদ বড়োই৷ চৰকাৰ গঠন হ’লে সকলো জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতি ৰক্ষা কৰি সত্ৰ, নামঘৰ, মছজিদ, বাথৌ থানতালি নিৰ্মাণ কৰি সকলো লোকক নিৰাপত্তা প্ৰদান কৰিব বুলি কয় প্ৰমোদ বড়োই৷