আমিনুৰৰ সহযোগত আশ্ৰফ ৰহমান

শিৱসাগৰ

২ ছেপ্টেম্বৰ

শিৱসাগৰ উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ৷ শিৱসাগৰৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীটি বিনষ্ট কৰি শিৱসাগৰৰ মহিলাকলৈ অশ্লীল মন্তব্য কৰা গীত কামৰূপাৰ বিৰুদ্ধে পুণৰ উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে৷

শিৱসাগৰৰ মহিলাকলৈ অশ্লীল মন্তব্য কৰা গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী থানাত ২৫ টাকৈ গোচৰ ৰুজু হৈ থকাৰ পিছতো মহিলা গৰাকীক বৰ্তমানেও গ্ৰেপ্তাৰ নকৰাকলৈ সংগঠনটোৱে বুধবাৰে জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দেৱজিত দত্তই শিৱসাগৰৰ মহিলাকলৈ অশ্লীল মন্তব্য কৰা গীত কামৰূপাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইফালে, গীত কামৰূপাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰকলৈ শিৱসাগৰ জিলা আৰক্ষীৰ ভুমিকা সন্দৰ্ভত বুধবাৰে এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষকক সাংবাদিকে প্ৰশ্ন কৰাত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয় যে, ইতিমধ্যে গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ১৭ খনকৈ এজাহাৰ দাখিল হোৱাৰ ভিত্তিত শিৱসাগৰ আৰক্ষী এটা দলে গুৱাহাটীত থকা গীত কামৰূপালৈ এখন চমন জাৰি কৰিছে।

শিৱসাগৰ আৰক্ষীৰ চমন লাভ কৰাৰ পিছত গীত কামৰূপাই শাৰিৰীক অসুস্থতাৰ আলম লৈ শিৱসাগৰ আৰক্ষীৰ পৰা ১৫ দিনৰ সময় বিচাৰিছে যদিও শিৱসাগৰ আৰক্ষীয়ে গীত কামৰূপাক ৩ দিনৰ ভিতৰত শিৱসাগৰত আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ জাৰি কৰিছে। গীত কামৰূপা তিনি দিনৰ ভিতৰত শিৱসাগৰ আৰক্ষীৰ ওচৰত হাজিৰ নহ’লে আইনী ব্যৱস্থা কৰা হ’ব বুলিও ষ্পষ্ট কৰিছে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।