‘‘শিক্ষাৰ্থীসকলেই হ’ল ৰাষ্ট্ৰৰ যোদ্ধা’’-কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‘যুৱ সংবাদ’ শীৰ্ষক এক অনুষ্ঠানত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই অনুষ্ঠানৰ আয়োজন কৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ, গুৱাহাটীয়ে৷

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বেগবিহীন শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে তেওঁ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰয়াসত মানসিকভাৱে উৎসাহ প্ৰদান কৰিবলৈ আজিৰ এই ‘যুৱ সংবাদ’ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ আহিছে৷ তেওঁ শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়৷

এই সন্দৰ্ভত ভাৰতে প্ৰাচীন কালৰে পৰা বিশ্বজনীনভাৱে জ্ঞান আৰু ঐতিহ্যময় সংস্কৃতিৰ ধাৰা বহন কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ যোদ্ধা বুলি অভিহিত কৰি ৰাষ্ট্ৰৰ বিকাশত অৰিহণা আগবঢ়াবলৈ তেওঁ শিক্ষাৰ্থীসকলক আহ্বান জনায়।

অনুষ্ঠানটোত শিক্ষাৰ্থীসকলৰ ভালেমান প্ৰশ্নৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে৷ তেওঁ শিক্ষাৰ্থীসকলক শাৰীৰিকভাৱে সৱল হৈ থাকিবলৈ অধ্যয়নৰ লগতে ক্ৰীড়াতো সমানে অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ তেওঁ শিক্ষাৰ্থীসকলক জীৱনত কেতিয়াও হাৰ নামানিবলৈ তথা সফলতা প্ৰাপ্তিৰ বাবে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়৷

পখৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘‘স্বচ্ছ ভাৰত, সশক্ত ভাৰত আৰু সুস্থ ভাৰত-এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’’ৰ বীক্ষণৰ বিষয়ে উল্লেখ কৰি এখন উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁলোকে প্ৰদান কৰা প্ৰতিশ্ৰুতি দোহাৰে৷

এই অনুষ্ঠানটোৰ পিছত তেওঁ আইআইটি, গুৱাহাটী পৰিদৰ্শন কৰে আৰু এনআৰএল চেণ্টাৰৰ নতুন ৰাজ্যিক ভৱন মুকলি কৰে৷

উল্লেখ্য, অনুষ্ঠানটোত আৰএমএছএ, অসমৰ প্ৰকল্প সঞ্চালক ছমছেৰ সিং, ছেবাৰ অধ্যক্ষ আৰ. চি. জৈন, চিবিএছই, অসমৰ সঞ্চালক কে. কে. চৌধুৰী , চিঅ’ইৰ যুটীয়া সঞ্চালক সঞ্জীৱ দাস প্ৰমুখ্যে গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ১২০০ গৰাকী শিক্ষাৰ্থী উপস্থিত থাকে।