গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: বিশ্বৰ সৰ্ববৃহৎ নাট্য মহোৎসৱ অষ্টম থিয়েটাৰ অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে মহানগৰী গুৱাহাটী। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা থিয়েটাৰ অলিম্পিক ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰালয়ৰ নেতৃত্বত আৰু অসম চৰকাৰৰ সহযোগত অহা ১১ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হব। ১১ মাৰ্চৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হব লগা উদ্ধোধনী অনুষ্ঠানত মুখ্য অথিত হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। মুখ্যমন্ত্ৰীৰ উপৰিও অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, পদ্মভূষণ জাহ্নু বৰুৱা আৰু পদ্মশ্ৰী নৃত্যচাৰ্য যতীন গোস্বামীও উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত। এই বৃহৎ নাট্য মহোৎসৱত গুৱাহাটীবাসীৰ লগতে ৰাজ্যবাসীয়ে ১৫ খনকৈ সু-ৰুচিপূৰ্ণ নাটক উপভোগ কৰাৰ সুযোগ লাভ কৰিব।