গুৱাহাটী, ৮ অক্টোবৰঃ গুৱাহাটীত আহি উপস্থিত হ’ল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল দুটা। কিছুসময়ৰ আগতে গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দল দুটাই। বিমান বন্দৰৰ ভিতৰতে গামোছাৰে আদৰণি জনোৱা হয় দুয়োটা দলক। উল্লেখ্য যে, ১০ অক্টোবৰত হ’বলগীয়া ক্ৰিকেট খেলখনৰ বাবে গুৱাহাটীত উপস্থিত হৈছে দুয়োটা দল। পাঁচখন বিশেষ বাছেৰে বিশেষ নিৰাপত্তাৰ মাজত দুয়োটা দলক ৰেডিচন ব্লুলৈ নিয়া হৈছে। বিমান বন্দৰৰ বাহিৰত দল দুটাৰ তাৰকা খেলুৱৈক চাবলৈ অসংখ্যা ক্ৰীড়া প্ৰেমীৰ সমাগম হয়। তাৰকা খেলুৱৈক চাবলৈ বিমানবন্দৰৰ লগতে বিভিন্ন ঠাইত পথৰ কাষত অসংখ্যা ক্ৰীড়া প্ৰেমীৰ হেতা ওপৰা লাগে। আনহাতে দুয়োটা দলে আজিৰে পৰা অনুশীলন কৰিব  বুলি জানিব পৰা হৈছে।