গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ উখল-মাখল পৰিবেশৰ লগতে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল। ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশগ্ৰহন কৰিবলৈ গুৱাহাটীত উপস্থিত হ’ল ৮ গৰাকী ৱেষ্ট ইণ্ডিজ দলৰ ক্ৰিকেটাৰ খেলুৱৈ। বৰঝাৰৰ পৰা দলটি পোনে পোনে ৰাওনা হয় হোটেল ৰেডিছন ব্লুলৈ। খেলুৱৈ কেইজন হৈছে মাৰ্লো ছেমুৱেল, চন্দৰপল হেনৰাজ, এছলে নাৰ্চ, ফেবিয়েন এলেন, অশ্বানে ছমাছ, অ’বেড মেকক’য়,এভিন লুইছ আৰু ৰ’ভমান প’ৱেল। ৱেষ্ট ইণ্ডিজৰ বাকী খেলুৱৈ আৰু টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকল ১৭ অক্টোবৰত গুৱাহাটীত উপস্থিত হ’ব। অৱশ্যে ভাৰত দলৰ অধিনায়ক বিৰাট কোহলী আৰু শিখৰ ধৱন ১৮ অক্টোবৰতহে উপস্থিত হ’ব গুৱাহাটীত ।