গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মে’: মহানগৰী গুৱাহাটীত পুনৰ ৭ জন লোকৰ শৰীৰত ধাৰ পৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছ। ইয়াৰে এজন লোকৰ শৰীৰত কভডি-১৯ কৰুণা ভাইৰাছ ধৰা পৰাৰ পুর্বেই মৃত্যু ঘটে। আক্রান্তৰ ৩ জন ফাঁচী বজাৰ আলু গুদামৰ আৰু ৩ জন সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰৰ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰে নতুনকৈ মহানগৰী গুৱাহাটীত ৭ জন লোক আক্রান্ত হোৱা বুলি।

ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।সোমবাৰৰ দিনটোত ৰাজ্যত ১৫ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। সোমবাৰে পুৱা ১১.১৫ মিনিটত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জানিবলৈ দিয়ে যে যোৰহাট জিলাত এজন লোক আৰু নগাঁও জিলাত এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পুনৰ ৩.২০ মিনিটত অন্য এটা টুইট যোগে গোলাঘাট জিলাত আৰু দুজনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছে বুলি সদৰি কৰে। আবেলিৰ ৬.৩৫ মিনিটত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পুনৰ টুইট যোগে জানিবলৈ দিয়ে যে কাছাৰ জিলাৰ দুজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে বুলি। নিশা ৯.১৫ মিনিটত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে গোলাঘটা জিলাত দুজন লোক আক্রান্ত হোৱাৰ কথা সদৰি কৰে। ইয়াৰ পিছতে নিশা ১১ বজাত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পুনৰ টুইট যোগে ফাঁচী বজাৰ আলু গুদাম আৰু সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰৰ ৭ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি সদৰি কৰে। নতুনকৈ আক্রান্ত ৭ জনৰ এজন লোকৰ।শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতিৰ ফলাফল অহাৰ পূৰ্বে মৃত্যু হয়। আক্রান্ত সকলৰ ভিতৰত ৩ জন মহানগৰীৰ ফাঁচী বজাৰ আলু গুদামৰ আৰু ৩ জন সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰৰ।

সোমবাৰে ১৫ জনকৈ লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাত ৰাজ্যত আক্রান্তৰ সংখ্যা ১১৫ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৪১ জন লোক সুস্থ হৈ উঠাৰ পৰিবৰ্তে ৬৮ জন লোক চিকিৎসাধীন হৈ আছে। কভিড-১৯ কৰ’ণা ভছিৰাছত আক্রান্ত হৈ ৰাজ্যত ৪ জন লোকৰ মৃত্য হোৱাৰ লগতে ২ জন আক্রান্তই অসমৰ পৰা বহিঃৰাজ্যলৈ ওলাই গৈছে।