গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বেট বলৰ যুদ্ধত অৱতীৰ্ণ হব ভাৰত আৰু পাকিস্তান। গুৱাহাটীত অনুষ্ঠিত হব লগা এই যুদ্ধৰ বাবে ইতিমধ্যে পাকিস্তান দলে লাভ কৰিছে ভিজা। ভাৰতৰ লগতে বিশ্বেৰ আঠখনকৈ দেশে অংশগ্ৰহণ কৰিব এই বেট আৰু বলৰ যুদ্ধত। অহা ২২ এপ্ৰিলৰ পৰা পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হব লগা প্ৰেচিডেনটিয়েল কাপৰ বাবে পাকিস্তান, শ্ৰীলংকা, নেপালৰ লগতে আঠখনকৈ দেশৰ খেলুৱৈ আহিব গুৱাহাটীত।মঙলবাৰে গুৱাহাটী নেহৰু ষ্টেডিয়ামত অসম বেছবল সন্থাৰ ফলৰ পৰা অনুষ্ঠিত কৰা এক সংবাদ মেলত এই কথা জানিবলৈ দিয়া হয়। অসম বেছবল সন্থাই অসমত পোন প্ৰথমবাৰৰ বাবে অহা ২২ এপ্ৰিলৰ পৰা গুৱাহাটী নেহৰু ষ্টেডিয়াম আৰু সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰিব বেছবল প্ৰতিযোগিতা। ইয়াৰ পূৰ্বে ইৰাণ অনুষ্ঠিত হোৱা প্ৰেচিডেনটিয়েল কাপৰ বাবে মহানগৰীত আহিব বেছবল খেলা আঠখনকৈ দেশৰ খেলৱৈ। অসম তথা উত্তৰ পূবত বেছবলৰ প্ৰচাৰৰ উদ্দেশ্যে অসম বেছবল সন্থাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে সন্থাৰ ফলৰ পৰা। ক্ৰিকেটৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুঁজত যিদৰে ৰাইজ উত্তেজিত হৈ পৰে ঠিক তেনে এক উত্তেজনা গুৱাহাটীতো দেখিবলৈ পোৱা যাব যেতিয়া বেট আৰু বল লৈ দুয়োখন দেশৰ খেলৱৈ ষ্টেডিয়ামত বেছবল খেলিবলৈ নামিন বুলি আশা কৰিব পাৰি।