গুৱাহাটী, সংবাদ ৩৬৫, ৮ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জেচিপিৰ ১৬ জনীয়া দলে শুনানি গ্ৰহণ কৰাৰ পিছত মঙলবাৰে দুদিনীয়াকৈ শিলচৰত শুনানি গ্ৰহণ কৰা হ’ব। শিলচৰত প্ৰায় তিনিশৰো অধিক দল সংগঠন এই শুনানিৰ বাবে আমন্ত্ৰণ কৰা হৈছে। উল্লেখ্য যে গুৱাহাটীত সোমবাৰে ১৩৫ টা দল সংগঠনক মাতি শুনানি গ্ৰহণ কৰাৰ বিপৰীতে শিলচৰত তিনিশৰো অধিক দল সংগঠনক এই শুনানিৰ বাবে আমন্ত্ৰণ কৰা হৈছে। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাতাত এদিনৰ বাবে শুনানি গ্ৰহণৰ পৰিবৰ্তে বৰাক উপত্যকাতাত দুদিনৰ বাবে এই শুনানি গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ শুনানিত বিভিন্ন দল সংগঠনৰ লগতে ব্যক্তিয়ে সাক্ষ্য প্ৰদান কৰাৰ লগতে এই বিধেয়ক খনৰ বিৰোধীতাও কৰে। পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা অমুছলমান লোকক নাগৰিকত্ব প্ৰদান কৰাৰ উদ্দেশ্যে এনডিএ চৰকাৰে ২০১৬ চনত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিছিল। সংসদে বিধেয়কখন পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ২০১৬ চনৰ ১১আগষ্টত যুটীয়া সংসদীয় কমিটীখন গঠন কৰি দিয়া হয়।