গুৱাহাটী, সংবাদ ৩৬৫, ১৮ এপ্ৰিল : গুৱাহাটী চিটী এফ চিৰ প্ৰথম আনুষ্ঠানিক জাৰ্চি বৃহস্পতি বাৰে নেহেৰু ষ্টুডিয়ামৰ চেম্পিয়ন ফুড কোৰ্টত উন্মোচন কৰা হয়। জনপ্ৰিয় সংগীত শিল্পী তথা জি চি এফ চিৰ জন্মলগ্নৰে পৰা থকা শুভাকাংক্ষী জুবীন গাৰ্গে এই জাৰ্চি মুকলি কৰে। ছাই বিকাশ গুৱাহাটীৰ সঞ্চালক পি এছ ৰেড্ডী,চেম্পিয়ন ফুড কোৰ্টৰ স্বত্বাধিকাৰ কুলজিৎ বৰ্মন আৰু ইগুৱা পেকেজড ড্ৰিংকিং ৱাটাৰৰ স্বত্বাধিকাৰী গৌৰৱ দাস উপস্থিত থকা অনুষ্ঠানত জি চি এফ চিৰ মুখ্য প্ৰশিক্ষক ৰমেন দাসে ক্লাৱৰ ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে কয়।

ক্লাৱৰ অনুৰ্ধ ২১ দলে কাইলৈৰ পৰা জি এছ এ চি ডিভিজনত অংশ লৈ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতা মূলক ফুটবলৰ অধ্যায় আৰম্ভ কৰিব। ২০১৭ৰ জন্মলগ্নৰে পৰা তৃণমূল পৰ্যায়ৰ উন্নয়নত মনোনিবেশ কৰি অহা ক্লাৱটোৱে ইতিমধ্যে অসমৰ প্ৰথম সংগঠিত যুৱ লীগ “গ্ৰেটাৰ গুৱাহাটী বেবী লীগ” অনুষ্ঠিত কৰাৰ লগতে আজাৰা, ৰৌতা, গোৰেশ্বৰ আদি বিভিন্ন স্থানত ফুটবল স্কুল স্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

ইয়াৰোপৰি ক্লাৱৰ য়ুথ একাডেমীৰ অধীনত ২৩ গৰাকী যুৱ খেলুৱৈক আৱাসিক প্ৰশিক্ষণ দি থকা হৈছে। ৰমেন দাসে কয় যে অহা বছৰ য়ুথ আই লীগত যোগদানৰ প্ৰস্তুতি চলোৱা জি চি এফ চিয়ে নিজৰ যুৱ দল সমূহৰ পৰাই অহা পাঁচ বছৰৰ ভিতৰত চিনিয়ৰ দল গঠনৰ লক্ষ্য বান্ধি লৈছে যাতে দেশৰ শীর্ষ লীগত অসমক প্ৰতিনিধিত্ব কৰিব পাৰে।