গুৱাহাটী, সংবাদ ৩৬৫, ১ জুন : শুকুৰবাৰে মহানগৰীৰ পানবজাৰৰ ফুটপাথত বে-আইনী ভাৱে গঢ়ি উঠা দোকানৰ বিৰুদ্ধে জিএমচিৰ উচ্চেদ অভিযানৰ পাছতে আজি পুনৰ গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগৰ ড০ প্ৰদীপ মেধিৰ নেতৃত্বত এটা দলে ছয়মাইল ভিআইপি ৰোডত হাঁহ , কুকুৰা, ছাগলী বিক্ৰী কৰা বিপনী সমূহত এক অভিযান চলায় ।

এই অভিযানত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত হাঁহ , কুকুৰা, ছাগলী মাংস বিক্ৰী কৰা লগতে অনুজ্ঞাপত্ৰ নোহোৱা বাবে এই দোকানসমূহৰ দোকানীক জৰিমনা বিহা হয় যদিও উক্ত অভিযান কালত বহু দোকানীয়ে দোকান বন্ধ কৰি পলায় যায়।

এই অভিযান সম্পৰ্কে ড০ প্ৰদীপ মেধিয়ে কয় যে এই অভিযান অব্যাহত থাকিব । আইন অনুসৰি দোকানী সমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব ।

উল্লেখযোগ্য যে শুকুৰবাৰে চলা পানবজাৰৰ ফুটপাথৰ দোকানসমূহৰ উচ্ছেদ অভিযানত পানবজাৰ অঞ্চলৰ প্ৰায় ৮ৰ পৰা ১০ খন হোটেল আৰু তামোল পাণৰ দোকান উচ্ছেদ কৰা হৈছিল আৰু এই দোকানসমূহত ৰাতি মদ,ভাং, জুৱাৰ আড্ডা বহি আহিছিল বুলি বহু সময় ধৰি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল।