মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৪ মাৰ্চ: বুধবাৰে পুৱা নিজা গৃহভূমিত উপস্থিত হয় অসমলৈ গৌৰৱ কঢ়িয়াই অনা কনমানি মানসী চহৰীয়া। পুৱা বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত মানসী চহৰীয়াক উষ্ম আদৰণী জনাই বিভিন্ন দল সংগঠনৰ লগতে অসমবাসী ৰাইজ। বৰঝাৰ বিমান বন্দৰত ঢোল পেঁপালৈ অসংখ্যা ৰাইজ উপস্থিত হৈ মানসীক আদৰণী জনাই ফুলাম গামোছা আৰু ফুলেৰে। এক সংস্কৃতিক ৰেলীৰে বৰঝাৰ বিমান বন্দৰৰ পৰা আদৰি অনা হয় সংগীতৰ মহাৰণত জয়ী হোৱা অসম সন্তান মানসীক। এণ্ড টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত অনুষ্ঠান ‘ভয়চ ইণ্ডিয়া কিডছ’ৰ চুড়ান্ত বিজয়ী হিচাপে বিজয়ৰ মুকুত পিন্ধিবলৈ সক্ষম হোৱা মানসী চহৰীয়াৰ গৃহজিলা দৰংৰ উদমাৰীত ৰাইজৰ মাজত মানসীৰ এই সাফল্যকলৈ উৎসাহ বিৰাজ কৰিছে। বৰঝাৰ বিমান বন্দৰত অসমবাসী ৰাইজৰ উষ্ম আদৰণিলৈ পোনে পোনে নিজ গৃহ অভিমুখে ৰাওনা হয় অসমলৈ গৌৰৱ কঢ়িয়াই অনা মানসী চহৰীয়া। অসমবাসী ৰাইজৰ মৰম বাবে সমূহ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰে মানসীৰ লগতে মানসীৰ পিতৃয়ে। বৰঝাৰ বিমান বন্দৰত অসমবাসী ৰাইজৰ বাবে মানসীয়ে বিমানবন্দৰত এটি গীত পৰিবেশন কৰে।