দক্ষিণ কামৰূপ , সংবাদ ৩৬৫, ১২ এপ্ৰিল : দক্ষিণ কামৰূপত বিভিন্ন প্ৰান্তত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে কুইন ওজা পলাশবাৰী বিধানসভা সমষ্টিত উপস্থিত হয় । পলাশবাৰী সমষ্টিৰ কেইখনমান বজাৰ,মন্দিৰত গৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ হৈ ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ হৈ প্ৰতিনিধিত্ব কৰা কুইন ওজাই।

নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক ভোট দিবলৈ অনুৰোধ জনাই নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধান মন্ত্ৰী হ’বলৈ সংসদৰ সংখ্যা বেছি হ’ব লাগিব বুলি মন্তব্য কৰে ।

আনহাতে মোডীয়ে যোৱাকালি নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ আনিব বুলি কোৱাত কুইন ওজাই নিৰ্বাচনৰ পিছত সকলোবোৰ কথা আলোচনা কৰা হ’ব বুলি কৈ অসমীয়াৰ স্বাৰ্থ বিঘিন্ন হোৱা কোনো কাম নকৰে বুলি মন্তব্য কৰে যদিও শেষত বিলখন সংশোধনী হ’বও পাৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ।

মুঠৰ ওপৰত কুইন ওজাৰ মন্তব্যত এয়া স্পষ্ট হ’ল যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হবও । বিধেয়ক গৃহীত হ’লে জ্বলিব নেকি অসম সেয়া সময়হে ক’ব ।