গোলাঘাট, সংবাদ ৩৬৫, ২০ মাৰ্চ: গোলাঘাট জিলা আৰক্ষীয়ে তেল চোৰৰ বিৰুদ্ধে অভিযান চলাই থুৰামুখৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে তেল চোৰৰ এটা বৃহৎ দলক। গোলাঘাটৰ থুৰামুখ অঞ্চলত তেল চুৰি কৰি থকা অৱস্থাত আৰক্ষীয়ে তেল ভৰ্ত্তি টেংকাৰ সহ দুখন বাহন আৰু আৰু তেল চোৰৰ দলটোৱে ব্যৱহাৰ কৰা এখন বিলাসী গাড়ীসহ চাৰি জনকৈ তেল চোৰক গ্ৰেপ্তাৰ কৰে। গোলাঘাট থুৰামুখৰ যুৰীয়া দলঙৰ মালক্ষ্মী ধাবাত আৰক্ষীয়ে অভিযান চলাই এম এন-০১-৭১৭৫ নম্বৰৰ টেংকাৰ এখনৰ পৰা এএছ-০৫-চি-৭০৪৪ নম্বৰৰ এ’পে গাড়ী এখনত থকা ড্ৰামত তেল চুৰ কৰি ভৰাই থকা অৱস্থাত হাতে লুতে ধৰে। তেল চুৰিৰ ঘটনাত জড়িত প্ৰেম তামাং, অজয় গুৰুং, বিকাশ গুৰুং আৰু ধাবাখনৰ মালিক অংকুৰ ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য গোলাঘাট জিলাখনৰ থুৰামুখ, মুৰফুলনি, দৈগ্ৰোং, নুমলীগড়, দেৰগাঁৱৰ, বালিজানকে ধৰি বিভিন্ন অঞ্চলত কিছুমান অসাধু লোকে দীৰ্ঘদিনৰ পৰা তেল চুৰিৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উথাপন হৈ আহিছে।