গোলাঘাট

১০ ছেপ্টেম্বৰ

গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ। চিকিৎসালয়খনত পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ। কম পাৰিশ্ৰমিকৰ বিনিময়ত চিকিৎসালয়খনত কৰ্মৰত স্বাস্থ্যকৰ্মীক চৰকাৰে উপেক্ষা কৰাক লৈ প্ৰতিবাদ।

গোলাঘাট জিলাৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বৃহস্পতিবাৰে কৰ্মৰত ৭৪ গৰাকী স্বাস্থ্যকৰ্মীয়ে অধীক্ষকৰ কাৰ্যালয় সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চিকিৎসালয়খনত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি আৰু কৰ্মচাৰী সকলক উচ্চিত পাৰিশ্ৰমিক প্ৰদান নকৰাক লৈ স্বাস্থ্যকৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। চিকিৎসালয়খনৰ পৰিচালনা সমিতিয়ে নিযুক্তি প্ৰদান কৰা চতুৰ্থ বৰ্গৰ কিছুমান কৰ্মচাৰীয়ে ২৫ বছৰে চিকিৎসালয়খনত কৰ্মৰত হৈ আছে যদিও আজি পৰ্যন্ত এই সকল কৰ্মচাৰীয়ে নিযুক্তিৰ ক্ষেত্ৰত কোনোধৰণৰ অগ্ৰাধিকাৰ লাভ নকৰাৰ ফলত কৰ্মচাৰী সকল তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে এসপ্তাহ পূৰ্বে চিকিৎসালয়খনৰ অধীক্ষক ডা০ সুৰেণ তামুলীৰ লগতে প্ৰশাসনক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ নকৰা কৰ্মচাৰী সকলে তেওঁলোক নিযুক্তি প্ৰদানৰ বাবে দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। স্মাৰকপত্ৰ প্ৰদান কৰা সাতদিনৰ পিছতো স্বাস্থ্যকর্মী সকলে কোনো ধৰণৰ ফলাফল লাভ নকৰি প্ৰতিবাদৰ পথ গ্ৰহণ কৰে।

স্বাস্থ্য কৰ্মীসকলে আন্দোলনৰ পথ অৱলম্বন কৰাত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই কৰ্মচাৰী সকলৰ দাবী সমূহ আওকাণ কৰি তেওঁলোকে যদি কামত যোগদান নকৰে তেনেহলে তেওঁলোকক চাকৰি পৰা অব্যাহতি দি নতুন নিযুক্তি প্ৰদান কৰাৰ ভাবুকি প্ৰদান কৰে।