গোসাঁইগাঁও, সংবাদ ৩৬৫, ১১ অক্টোৱৰ: এবি এমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি তথা শ্ৰীৰামপুৰ ছায়নড ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ছফিউৰ ৰহমানে বিদ্যালয়খনৰ কেবাজনো ছাত্ৰীৰ লগত অশালীন আচৰণ কৰাৰ পাছত শিক্ষক গৰাকীৰ বিৰুদ্ধে শিমুলটাপু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কিন্তু এজাহাৰ দাখিল কৰাৰ পাছত শিমুলটাপু আৰক্ষীয়ে সাতটা দিন উকলি যোৱাৰ পাছতো অভিযুক্ত লম্পট শিক্ষকজনক আটক কৰিবলৈ সক্ষম হোৱা নাই। লম্পট শিক্ষকজনক অতিশীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্হা আৰু কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু সানতাল কলনী আঞ্চলিক সমিতিৰ সহযোগত এটি প্ৰতিবাদী জোঁৰ সমদল উলিওৱা হয়। শতাধিক লোকে জোঁৰ সমদলত অংশ গ্ৰহণ কৰি লম্পট শিক্ষকজনক অতিশীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। বৃহস্পতিবাৰৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছতো যদি আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনক কৰায়ত্ব নকৰে তেনেহ’লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আছাৰ নেতৃত্বতই।