গোসাইগাও, সংবাদ ৩৬৫, ১৯ অক্টোৱৰ: ৰাজ্যৰ প্রান্তে প্রান্তে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাখৰ মাজতেই শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাৱঁত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ কে এল অৰ এজন সদস্যক আটক কৰা হয়। যোৱা ১৭ অক্টোৱৰত গোসাইগাৱঁত সেনা-আৰক্ষীয়ে যৌথ অভিযান চলাই কে এল অৰ ম্যানমাৰত প্ৰশিক্ষনপ্ৰাপ্ত এজন দুধৰ্ষ সদস্যৰ লগতে মাৰনাস্ত্ৰসহ আটক কৰে। ধৃত সদস্যজন গোসাইগাঁও মহকুমাৰ বাবুবিল  সিৱাসী ছিৰেন ৰায়ৰ পুত্ৰ নিৰানন্দ ৰায়(২৭) ওৰফে নিন্দো ওৰফে নৰেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁৰ পৰা আৰক্ষীয়ে পাচঁটা সজীৱ গুলি সহ এটা ৭:২৫ পিস্তল উদ্ধাৰ কৰে ৷ প্ৰাপ্ত তথ্যমতে ম্যানমাৰৰ পৰা কে এল অৰ এজন সদস্য ৰেলযোগে গোসাইগাঁওলৈ অহাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ উক্ত তথ্যৰ ভিত্তিত আৰক্ষী আৰু ভাৰতীয় সেনাৰ ১৭ নম্বৰ ডগৰা ৰেজিমেন্টৰ জোৱানে  যৌথভাবে অভিযান চলাই ৰেলৰ পৰা নামি নিজ গৃহলৈ যোৱাৰ সময়তে দুধর্ষ সদস্য গৰাকীক আটক কৰি  গোসাইগাঁও থানাত লৈ আহে ৷ সম্প্ৰতি আৰক্ষীয়ে দুধর্ষ সদস্য জনক জেৰা অব্যাহত ৰাখিছে।