বাক্সা, সংবাদ ৩৬৫,২৮জুলাই:বাক্সাৰ সুৱাগপুৰত নটৰাজ নৃত্য, অভিনয় কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা নটৰাজ নৃত্য,অভিনয়,ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ যোৱা ২৭ জুলাইত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰ সামৰণি পৰে ৷ উক্ত কৰ্মশালাত সুৱাগপুৰ অঞ্চলৰ শতাধিক কন কন শিশু অংশ গ্ৰহণ কৰে আৰু প্ৰতিগৰাকী শিশুক একোখনকৈ মানপত্ৰ প্ৰদান কৰে ৷ উক্ত সামৰণি অনুষ্ঠানৰ সভাত নাওকাটাৰ অসমীয়া খৱৰৰ সাংবাদিক ৰবীন্দ্ৰ কুমাৰ ডেকা, নিয়মীয়া বাৰ্তাৰ সাংবাদিক প্ৰকাশ পৌড়েল, ভেৰগাৱৰ প্ৰাগ নিউজৰ সাংবাদিক পৱন নাথে বিশিষ্ট অতিথি হিচাপে থাকে ৷