গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ৯ মেঃ গোৱালপাৰা জিলা কাৰাগাৰত আফগানিস্তানৰ শাহজাদা খান নামৰ এজন কৈদিয়ে যোৱা চাৰিদিন ধৰি অনশন অব্যাহত ৰাখিছে। উল্লেখ যে ১৯৮০ চনত আফগানিস্থানৰ গৃহযুদ্ধৰ সময়ত নিজৰ আত্মৰক্ষাৰ কাৰণে শাহজাদা খানে আফগানিস্তানৰ পৰা অসম লৈ পলায়ন কৰি ইয়াৰে যুৱতীক বিয়া কৰাই স্থায়ীৰূপে বসবাস কৰিবলৈ ধৰে। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত গোৱালপাৰা জিলা প্ৰশাসনে শাহজাদা খানক বিদেশী গোচৰত গোৱালপাৰা জিলা কাৰাগাৰৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে। চলিত বছৰৰ ৬ মে’ৰ পৰা শাহজাদা খানে নিজৰ মুক্তিৰ দাবীত গোৱালপাৰা জিলা কাৰাগাৰৰ ডিটেনচন কেম্পত অনিৰ্দিষ্ট কালৰ বাবে অনশন আৰম্ভ কৰাত শাহজাদা খানৰ অবস্থাত সংকটজনক হৈ পৰিছে। শাহজাদা খানে অবৈধ ভাৱে আফগানিস্তানৰ পৰা আহি অসমত প্ৰৱেশ কৰিছিল যদিও কিছুদিন পূৰ্বে আফগানিস্থান ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ পৰা শাহজাদা খানক অস্থায়ী ভ্ৰমনৰ অনুমতি পত্ৰ প্ৰদান কৰিছে আৰু এই অনুমতি পত্ৰৰ ম্যাদ চলিত বছৰৰ ১৯ মে পৰ্যন্ত আছে। অনশনৰ ফলত শাহজাদা খানৰ স্বাস্থ্যৰ অৱনতি ঘটিছে যদিও কাৰাগৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি শাহজাদা খানৰ পত্নীয়ে অভিযোগ উত্থাপিত কৰিছে। শাহজাদা খানৰ পত্নীয়ে নিজৰ স্বামীৰ মুক্তিৰ দাবীৰ লগতে তেওঁৰ স্বামীক শৰণাৰ্থী হিচাপে অসমত থাকিবলৈ দিয়া অথবা আফগানিস্তানলৈ উভতাই পঠিয়াবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে৷