গৌৰীপুৰৰ পৰা আব্দুল কালাম, সংবাদ ৩৬৫, ২২ ছেপ্টেম্বৰ: জনপ্ৰতিনিধি তথা বিভাগীয় কতৃপক্ষকে ধৰি দুৰ্নীতিত লিপ্ত গৌতম কনষ্ট্ৰাকছন। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আঙ্গাৰকাটাৰ পৰা গৌৰীপুৰ লৈ যোৱা পথছোৱাৰ কামত গৌতম কনষ্ট্ৰাকছনৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ অসম মিঞা শ্রমিক পৰিষদৰ। উক্ত ৰাস্তা মেৰামতি আৰু দুয়োকাষে ২.৫ মিটাৰকৈ বহল কৰিবলৈ লোৱা ফেব্ৰুৱাৰী মাহত আবণ্টিত হৈছিল এশ দহ কোটি টকা। যদিও আজিলৈ সম্পূৰ্ণ হৈ নুঠিল ২০ শতাংশও কাম। বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহিৰ আশীৰ্বাদ পুষ্ট গৌতম কনষ্ট্ৰাকছনে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিত নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত কৰে অসম মিঞা শ্ৰমিক পৰিষদে। গৌতম কনাষ্ট্ৰাকচনে নিম্নমানৰ ছেনগ্ৰাবিলেৰে কাম কৰাৰ বাবে অভিযোগ দিয়াত গৌতম কনাষ্ট্ৰাকচনৰ তত্ত্বাৱধায়ক মুন্নাই পুলিচৰ হতুৱাই ভাবুকি প্ৰদান কৰে। ৰাস্তাৰ বক্স কাটিং কৰি ৰোল নমৰাকৈ নিম্নমানৰ ছেনগ্ৰাবিল, কেশাৰৰ পাথৰৰ পৰিৱৰ্তে নদীৰ ৰাউণ্ড পাথৰ পেলাই জধে মধে কাম কৰি চৰকাৰৰ চকুত ধুলি দি কোটি কোটি টকাৰ ব্যাপক দূৰ্নীতি কৰি আছে। অসম চৰকাৰ তথা গড়কাপ্তানি মন্ত্ৰীক আগন্তক দিনত কামখিনি তদন্ত কৰাৰ দাবী জনোৱাৰ লগতে ভালকৈ কৰিবলৈ অনুৰোধ জনায়। অন্যথাই গণতান্ত্ৰিক আন্দোলন কৰিব বুলি সকিয়নী দিয়ে অসম মিঞা শ্ৰমিক পৰিষদে। এতিয়া প্ৰশ্ন হল সংশ্লিষ্ট কতৃপক্ষই গৌতম কনাষ্ট্ৰাকচনৰ ওপৰত কিবা ব্যৱস্থা লব নে এনেকৈয়ে চলি থাকি কাম? সেয়া সময়তহে লক্ষ্যনীয় হব।