গুৱাহাটী, সংবাদ৩৬৫, ১০ মাৰ্চ: স্পৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টৰ উদ্যোগত আৰু গুৱাহাটী চিটী এফ চিৰ সহযোগত মহানগৰীৰ নেহৰু ষ্টেডিয়ামত চলি থকা অসমৰ সৰ্বপ্ৰথম বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ আজি নৱম মেচ ডে’ত মুঠ ৫৮টা দলে প্ৰতিদ্বন্দ্ব্বিতা কৰে ৷ অনুৰ্ধ ৭, ৯, ১১, আৰু ১৩ বয়স গোটত ৬০০তকৈ অধিক ফুটবলাৰে ৪০খন মেচত প্ৰতিদ্বন্দ্ব্বিতা কৰে য’ত মুঠ ১২২ টা গ’ল স্ক’ৰ হয়৷

অসম ফুটবল এছ’চিয়েছন আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে সহযোগ আগবঢ়োৱা আৰু ডেকাথল্‌ন আৰু চেম্পিয়ন্স ফুড ক’ৰ্টৰ পৃষ্ঠপোষকতাত চলি থকা এই লীগৰ দেওবাৰৰ মেচ ডেত এছিয়ান ফুটবল কনফেডাৰেচনৰ মহিলা ফুটবল দিৱস পালন কৰা হয় আৰু এই লিংগ নিৰপেক্ষ লীগৰ (ইয়াত লৰা-ছোৱালীয়ে একেলগে প্ৰতিদ্বন্দ্ব্বিতা কৰে) আটাইকেইগৰাকী ছোৱালী ফুটবলাৰ আৰু মহিলা প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনোৱা হয় ৷

গুৱাহাটী চিটী এফ চিৰ সহঃপ্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা, স্প’ৰ্টছক্ৰাফ্ট মেনেজমেন্টৰ সহঃপ্ৰতিষ্ঠাপক ডৰিক ৰঞ্জন ডেকা, গুৱাহাটী চিটী এফ চিৰ মুখ্য প্ৰশিক্ষক ৰংমন দাস, বেবী লীগ অপাৰেটৰ কৌস্তৱ চক্ৰৱৰ্তীয়ে তেওঁলোকক সম্বৰ্ধনা জনায় আৰু অধিক ছোৱালীয়ে শৈশৱৰপৰা ফুটবল খেলিবলৈ ল’ব বুলি আশা প্ৰকাশ কৰে ৷

উল্লেখ্য যে এই লীগত কেইবাগৰাকীও ফৰৱাৰ্ডে দুৰন্ত প্ৰদৰ্শন আগবঢ়াইছে ৷ অনুৰ্ধ ৭ শাখাত জিটিচি ৰাইনোজৰ ঈষান শইকীয়া, অনুৰ্ধ ৯ শাখাত এনএফআৰ চিতাৰ মাছুদ আহমেদ, অনুৰ্ধ ১১ শাখাত জিটিচি ৰাইনোজৰ সক্ষম ডেকা আৰু সংস্কৃতি ৱেৰিয়ৰ্ছৰ কৌশিক পাটৰ আৰু অনুৰ্ধ ১৩ শাখাত সৰুসজাই হক্‌ছৰ সঞ্জয় বড়ো আৰু এজি লিঅ’পাৰ্ডছৰ মুনজ্যোতি তামুলী শীৰ্ষ গ’লদাতাৰ দৌৰত আছে বুলি স্প’ৰ্টছক্ৰাফ্‌টৰ এটা বিবৃতিত প্ৰকাশ কৰিছে।