গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জানুৱাৰী : অনুৰ্ধ ১০ শাখাৰ চূড়ান্ত ৰাউণ্ডৰ ১০খন মেচেৰে দেওবাৰে উত্তেজনাপূৰ্ণ হৈ উঠে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ এ আই এফ এফৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজনৰ অষ্টম মেচ ডে’ ৷

নালাপাৰাৰ ইন্টাৰনেচনেল স্কুলৰ খেলপথাৰত আজি গুৱাহাটী চিটী এফচি (জিচিএফচি) আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে ৱামূল (পূৰৱী ডেইৰী)ৰ সহযোগত আৰু অসম ফুটবল সংস্থা, ডেকাথল্‌ন গুৱাহাটী, ৰামানম ইনফ’টেক আৰু ৯৪.৩ গপশ্বপ এফএমৰ পৃষ্ঠপোষকতাত হোৱা এই লীগত আজিৰেপৰা অনুৰ্ধ ১০ৰ চূড়ান্ত ৰাউণ্ড আৰম্ভ হোৱাৰ লগতে অনুৰ্ধ ১২ৰ চূড়ান্ত ৰাউণ্ডৰ বাবে বাকী থকা এটা স্থানৰ বাবে যোগ্যতা নিৰ্ণায়ক মেচো অনুষ্ঠিত হয় য’ত ৰেইনবো এফচিয়ে যোগ্যতা আহৰণ কৰে ৷

অনুৰ্ধ ১০ৰ চূড়ান্ত ৰাউণ্ডৰ আজিৰ মেচসমূহত জিচিএফচি ইউনিকৰ্নছে বৃহৎ জয়েৰে খিতাপৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে ৷ লগতে খানাপাৰা পেগাছাছ, জিটিচি ৰাইনোজ আৰু জিৱাইএছএফচিচি ড্ৰেগন্সেও জয় সাব্যস্ত কৰি খিতাপৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে ৷

আনহাতে অনুৰ্ধ ৮তো জিচিএফচি ইউনিকৰ্নছে ক্ৰমাগত বৃহৎ বিজয় সাব্যস্ত কৰি খিতাপৰ দিশে আগবাঢ়িছে ৷ আজিৰ চূড়ান্ত ৰাউণ্ডৰ মেচসমূহত চান্দমাৰী, জিটিচি ৰাইনোজ, মন্টফৰ্ট টাইগাৰ্ছেও জয় সাব্যস্ত কৰিছে ৷

অনুৰ্ধ ৬ত অব্যাহত আছে মন্টফৰ্ট টাইগাৰ্ছ আৰু নাৰেংগী ডলফিন্সৰ আধিপত্য ৷ আনহাতে, এ পি আৰ অ’ খেলপথাৰত চলি থকা এ পি আৰ অ’ গ’ল্ডেন বেবী লীগত জিচিএফচি ইউনিকৰ্নছে অনুৰ্ধ ৮ত এপিআৰঅ’ক ৩-২ আৰু অনুৰ্ধ ১০ত এপিআৰঅ’ক ৫-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে অনুৰ্ধ ১২ ত এনএফআৰ কাজিৰঙা এফএৰ সৈতে পইন্ট ভগাই লয় বুলি জিচিএফচিৰ এটা বিবৃতিত প্ৰকাশ কৰে ।