গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : ৰাজ্যৰ লগতে মহানগৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উখল-মাখল পৰিৱেশেৰ মাজতে এক ভয়ঙ্কৰ বিস্ফোৰণ। মহানগৰীৰ জু-ৰোডৰ চেণ্ট্ৰেল ম’লৰ সন্মুখত হয় এক গ্ৰেনেড বিস্ফোৰণ। বিস্ফোৰণত ৮ জন লোক আহত হোৱাৰ খবৰ ।খবৰ অনুসৰি আৰক্ষীৰ তালাচী চলি থকাৰ সময়তে দুৰ্বৃত্তই নিক্ষেপ কৰে গ্ৰেনেড ।

সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অতি শীঘ্ৰেই ঘটনাৰ তদন্ত কৰি উক্ত ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰীক কৰায়ত্ত কৰিবৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

সন্ধিয়া প্ৰায় ৭.৪০ বজাত গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণত আহত সকলৰ ভিতৰত আছে দুজন এছ এছ বি জোৱান।

ইতিমধ্যে এই বিস্ফোৰণত দুজন লোক নিহত হোৱা বুলি খবৰ আহিছে। আহতসকলক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে।
বিস্ফোৰণত আহত দুই এছ এছ বি জোৱানৰ ভিতৰত আছে ৰমেশ লাল আৰু অমূল্য লালন।বিস্ফোৰণত আহতসকলৰ ভিতৰত আছে এটি শিশু।

ইতিমধ্যে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে।
নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰিছিল দুৰ্বৃত্তই। বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে ঘেৰি অভিযান অব্যাহত ৰাখিছে।