কলগাছিয়া, সংবাদ ৩৬৫, ২৬ জুন : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানি পথত মৎস চিকাৰ কৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ। এসপ্তাহৰ ভিতৰত পথ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে আন্দোলনৰ হুংকাৰ ৰাইজৰ। মন্ত্ৰী গৰাকীৰ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি বিভাগটো চৰম ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিঠাগাঁও পঞ্চায়তৰ অন্তৰ্গত বৰভিঠা বজাৰৰ পৰা আপৰূপী বৰতাৰীলৈ যোৱা গড়কাপ্তানি পথৰ মাজতে থকা পুখুৰী সদৃশ গাতত ৰাইজে শুকুৰবাৰে জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰে। কলগাছিয়া জিলা আমছুৰ সাধাৰণ সম্পাদক শাজাহান আলী জনীয়া সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হৈও এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু জনীয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক হাফিজ ৰফিকুল ইছলামো ৰাইজক যমৰ যাতনা ভোগাই অহা এই পথটো নিৰ্মাণ কৰাৰ সদিচ্ছা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। পথটোৰ ওপৰত থকা মৰণ ফান্দ পুখুৰী সদৃশ গাতবোৰত দৈনিক দূৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটোৰ এই দূৰঅৱস্থাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে পথচাৰী সকলেও দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হৈছে ভীষণ অসুবিধাৰ। অঞ্চলটোৰ অতি ব্যস্ততাপূৰ্ণ এই পথটোৰ নিৰ্মাণ কাম নকৰাটো দূৰ্ভাগ্যজনক বুলি বিবেচিত কৰিছে ৰাইজে।
ইফালে পুখুৰী সদৃশ পথটোত জালেৰে মাছ মাৰি প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰাৰ দাবী জনায়। এসপ্তাহৰ ভিতৰত পথটো নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৰাইজে।