গুৱাহাটী, সংবাদ ৩৬৫, ১৬ এপ্ৰিলঃ মঙলবাৰে মহানগৰীৰ গড়চুকত মুমুৰ্ষ অবস্থাত এগৰাকী যুবতী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গড়চুক আৰক্ষী চকীৰ অন্তৰ্গত লাচিতগড় হাইস্কুলৰ সমীপত মঙলবাৰে পুৱা স্থানীয় ৰাইজে তেজেৰে লুটুৰি পুতুৰি, অৰ্ধউলংগ আৰু মুমুৰ্ষ অৱস্থাত এগৰাকী যুৱতীক দেখা পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আনুমানিক প্ৰায় ৩০ বছৰীয়া মহিলা গৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকাত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে কোনো দুৰ্বৃত্তই মহিলা গৰাকীক ধর্ষণ কৰি হত্যাৰ চেষ্টা চলাই মাৰধৰ কৰি পথত পেলাই গৈছে। জানিব পৰা মতে মহিলা গৰাকী মহানগৰীৰ গড়চুকস্থিত ওজা হোণ্ডাইত কৰ্মৰত আছিল আৰু মহিলা গৰাকী স্বামীৰ পৰা বিচ্চেদীত আছিল।