দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৪ : এপ্ৰিল লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে বাপৰে সৰু তই হবি বৰ গৰু । অতিতৰ পৰা পৰাম্পৰা অনুসৰি চলি আহিছে এই প্ৰথা । অসমীয়া নৱবৰ্ষৰ লগতে বাপতি সাহোন বহাগ বিহুৰ প্ৰথম দিনাই সমগ্ৰ অসমবাসীয়ে গৰুক মাহ-হালধি সানি ধুই লাও-বেঙেনা দলিয়াই মাঘলতি-দীঘলতি পাটেৰে কোৱাই এৰি দিয়ে । আৰু সন্ধিয়া পৰত গৰুক সেই দীঘলতি মাঘলটি জ্বলাই ধোৱাৰে পোক-পৰুৱা খেদি মানুহে আহাৰ খোৱাৰ আগতে গৰুক আহাৰ খোৱাই আদৰে ।
পৰম্পৰা অনুসৰি সকলো লোকে গৰুক নদী বা খাল-বিলত ধোৱাব নিয়ে কিন্তু এতিয়া যেন সেইবোৰ হ্ৰাস পাইছে । পৰম্পৰা অস্তিত্ব ৰক্ষা কৰাত হে যেন এতিয়া সকলো । নদী, খাল-বিলৰ সলনি দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত বৈদ্যুতিক মটৰৰ পাইপেৰে ধোৱাইছে গৰু কাৰণ ওচৰ পাজৰৰ নদী,খাল-বিল বোৰত নাই পানী ।
দক্ষিণ কামৰূপত বিভিন্ন ঠাইত গঢ়ি উঠা কোম্পানী বোৰৰ বাবে বা অজ’ন স্তৰৰ ফুটাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হয়টো বিভিন্ন নদ-নদীৰ পানী এতিয়া নাই । কিন্তু পৰম্পৰা ৰক্ষাৰ কৰাৰ বাবে যেন এতিয়া উপায়হীন সকলো ।
এনেদৰে হয়টো এদিন নদ-নদীৰ অভাৱত আমাৰ পৰম্পৰা ৰক্ষা অস্তিত্বৰ যুজত অৱৰ্তীণ হ’ব ।