সোণতলী, ১০ এপ্ৰিলঃ অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত এজনৰ পিছত আন এজনকৈ লোকে মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে৷ তেনে এক কৰুণ ঘটনা আজি সংগঠিত হৈছে দক্ষিন কামৰূপৰ ছয়গাওঁ বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত গৰৈমাৰীৰ ভিতৰ দুৱাৰ নামৰ এখন গাঁৱত৷   দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত তিনিটাকৈ বাসগৃহ সম্পুৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে এজন লোক নিহত হয় ৷ গাওঁখনৰ মাজেৰে বিদ্যুৎ বিভাগে সংযোগ কৰা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী  তাৰ ছিঙি পৰাৰ ফলত সংঘটিত হৈছে এই ঘটনা৷ ঘটনাত ভিতৰদুৱাৰ গাৱৰ ৰহিম উদ্দিন, ছৈনুদ্দিন আৰু ছমেজ উদ্দিনৰ বাসগৃহ নিমিষতে পুৰি ছাই হোৱাৰ লগতে ৰহিম উদ্দিন নামৰ লোকজন বিদ্যুৎ স্পৃষ্ট হৈ বেয়াকৈ আঘাত প্ৰাপ্ত হয় ৷ স্থানীয় ৰাইজে ৰহিম উদ্দিনক ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে পৰীক্ষা কৰি লোকজন মৃত বুলি ঘোষনা কৰে ৷ ক্ষুদ্ধ ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ অপেক্ষাত ৰৈ নাথাকি তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বিদ্যুৎ বিভাগৰ চৰম হেমাহি তথা অৱহেলাৰ বাবে আজিৰ এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে ৷