ফজলুৰ ৰহমান

সোণতলী

১ জানুৱাৰী

দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়াবহ অগ্নিকা। গৰৈমাৰীৰ ভিতৰ দুৱাৰত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। এগৰাকী সাহসী যুৱকৰ তৎপৰতাত ৰক্ষা পৰিল কেইবাটাও বাসগৃহ।

নৱবর্ষৰ প্ৰথমটো দিনাই দক্ষিণ কামৰূপৰ গৰৈমাৰীত সমঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড। গৰৈমাৰীৰ ভিতৰ দুৱাৰৰ ইমান আলী নামৰ এজন লোকৰ বাসগৃহত পুৱাৰ সংঘটিত হোৱা অগ্নিকাণ্ডত ইমান আলীৰ দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত ইমান আলীৰ বাসগৃহ দুটাৰ ভিতৰত থকা ধান, চাউল, আ-অলংকাৰৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ পুৰি ছাই হৈ যায়। অগ্নিকাণ্ডত ইমান আলীৰ প্ৰায় ডেৰ লক্ষাধিক টকাৰ লোকচান হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছতে অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলাইও ইমান আলীৰ বাসগৃহ দুটা ৰক্ষা কৰিবলৈ সক্ষম নহ’ল।

ইফালে অঞ্চলটোৰ এগৰাকী দুৰন্ত সাহসী যুৱকে তৎপৰতা দেখুৱাই জ্বলন্ত অগ্নিৰ মাজৰ পৰা গেছ চিলিণ্ডাৰ উদ্ধাৰ কৰি অঞ্চলটোত থকা অন্যান্য বাসগৃহ সমূহক জুইৰ পৰা ৰক্ষা কৰে। ৰান্ধনীশালৰ চৌকাৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।