গুৱাহাটী, সংবাদ ৩৬৫, ১ জুন : ১৯৭২ চনত হোৱা ভাষা আন্দোলনৰ ফলত অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। কিন্তু সম্প্ৰতি অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰে অনা অসমীয়াৰ এক চক্ৰই নিজৰ ভাষাক স্বীকৃতি দিয়াৰ চেষ্টাৰে এক অভিযান চলাইছে। অভিযানৰ নাম “চলো পাল্টাই – ২০২১”। ইয়াৰ পাছতে ৰাজ্যজুৰি চলো পাল্টাইক লৈ চলিছে সৰৱ চর্চা । বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চলো পাল্টাইক লৈ।
“চলো পাল্টাই – ২০২১”ক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লুৰিণজ্যোতি গগৈয়ে । সংবাদ মাধ্যমৰ আগত সাধাৰণ সম্পাদকগৰাকীয়ে কয় ” এইয়া দুষ্ট শক্তিৰ ষড়যন্ত্ৰ। তেওঁলোকৰ লক্ষ্য এটাই। সমাজখন ভাঙোনমুখী পৰিবেশ এটালৈ লৈ গৈ সাতাম পুৰুষীয়া ঐক্যৰ সমন্বয় ভাঙিবৰ কাৰণে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে । এইটো এটা দুষ্ট চক্ৰৰহে কাম। কোনো সন্মিলিত গোষ্ঠী বা জাতিৰ কাম নহয়। অসমৰ ৰাইজ কেতিয়াও এনেধৰণৰ ষড়যন্ত্ৰত বিচলিত হোৱা নাই। জাতীয় জীৱনলৈ এনেধৰণৰ বহুত আক্ৰমণ আহিছে । কিন্তু এটা কথা স্পষ্ট অসমৰ সমাজ জীৱনত এনেকুৱাধৰণৰ শক্তিৰ কোনো ষড়যন্ত্ৰক ৰাইজে প্ৰশ্ৰয় দিয়া নাই সেইকাৰণে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক একত্ৰিত হৈ সমন্বয়ৰে অসমীয়া জাতিৰ সভ্যতা উত্তৰণৰ যাত্ৰা শক্তিশালী ৰূপত চলি আছে আৰু আগলৈও চলি থাকিব।”
উক্ত বিষয়টোৰ সন্দৰ্ভত চৰকাৰলৈ আহ্বান জনাই সাধাৰণ সম্পাদকগৰাকীয়ে কয় ” যিসকলে এনেধৰণৰ কাম কৰি আছে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে শক্তিশালী আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। এইটো তেওঁলোকৰ সাংবিধানিক দায়িত্ব। এই দায়িত্ব গ্ৰহণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ।”
অসমীয়া ভাষাক হীন কৰিবলৈ, অসমীয়া ভাষাক নিশেষ কৰিবলৈ কৰা ষড়যন্ত্ৰ অসমীয়া সমাজ জীৱনত কেতিয়াও টিকি থকা নাই। এইখন অসমত অসমীয়া মানুহৰ অধিকাৰ,অসমীয়া মানুহৰ আৰু খিলঞ্জীয়া আন আন মানুহৰ ভাষাৰ ভৱিষ্যত সুৰক্ষিত হবই লাগিব। এইয়া আমাৰ জন্মস্বত্ব অধিকাৰ – সংবাদ মাধ্যমৰ আগত এনেদৰেও মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।
ইফালে ” চলো পাল্টাই – ২০২১”ক লৈ বশিষ্ঠ থানাত গোচৰ ৰুজু কৰিছে আৰ টি আইৰ কৰ্মী দুলাল বৰাই। এই সন্দৰ্ভত দুলাল বৰাই কয় ” কলকাতাৰ বৰ্গ মুখাৰ্জী ,অসমৰ শান্তনু চট্টোপাধ্যায় আৰু চন্দন মুখাৰ্জীয়ে অসমখন অশান্ত কৰিবলৈ গৈছে । এইটোৰ ক্ষেত্ৰত আৰক্ষীয়ে নিৰপেক্ষ ভূমিকা লওক।