নৱজ্যোতি বৰুৱা

চামগুৰি

৭ ছেপ্টেম্বৰ

সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হায়, হায় ধ্বনীৰে চামগুৰিত বীৰ লাচিত সেনা, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই এন এচ পি চিৰ সমগ্ৰী কঢ়িওৱা গাড়ীক বাধা প্ৰদান।

নগাঁও জিলাৰ চামগুৰিত এন এচ পি চিৰ সামগ্ৰী কঢ়িওৱাক কেন্দ্ৰ কৰি বীৰ লাচিত সেনা, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দেওবাৰে নিশা চামগুৰিত বীৰ লাচিত সেনা, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই এন এচ পি চি সামগ্ৰী কঢ়িওৱা গাড়ী অৱৰোধ কৰিবলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই বাধা প্ৰদান কৰে। উল্লেখ্য যে নগাঁৱৰ উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সদস্যই এন এচ পি চিৰ সামগ্ৰী কঢ়িওৱা গাড়ী অৱৰোধ কৰিছিল যদিও আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰি এন এচ পি চি সামগ্ৰী কঢ়িওৱা গাড়ীখন অৰুনাচল অভিমুখে যোৱাৰ পথ মুকলি কৰি দিছিল। পৰৱৰ্তী সময়ত চামগুৰিতো, চামগুৰি আৰক্ষীয়ে আঠজনকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এন এচ পি চি সামগ্ৰী কঢ়িওৱা গাড়ীখনে অৰুনাচল অভিমুখে যাত্ৰা কৰে। ইয়াৰ মাজতে প্ৰতিবাদস্থলীৰ কাষতে সংঘটিত হয় আন এক অঘটন। বাতৰি সংগ্ৰহ কৰিবলৈ নিশা ১১-৩০ বজাত প্ৰতিবাদস্থলীত উপস্থিত হোৱা জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ কলিয়াবৰ জিলা সমিতিৰ সম্পাদক তথা নিউজ টাইম আসামৰ চামগুৰিৰ সাংবাদিক দীগন্ত ভূঞাক এজন অচিনাক্ত যুৱকে অপদস্ত কৰাৰ লগতে পিষ্টলৰে মুৰত প্ৰহাৰ কৰাত সাংবাদিক গৰাকী গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হয়।

পৰৱৰ্তী সময়ত চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাংবাদিক গৰাকীক চিকিৎসা কৰোৱা হয় যদিও চিকিৎসকে চি টি স্কেন কৰোৱাৰ পৰামৰ্শ দিয়ে। প্ৰতিবাদকাৰীৰ ৰূপত থাকি নিশা কাজিয়াৰ সূত্ৰপাত ঘটোৱা যুৱক কেইজন বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই।