নৱজ্যোতি বৰুৱা
চামগুৰি
৮ ছেপ্টেম্বৰ
চামগুৰিৰ শিঙীয়াত বনৰীয়া হাতীৰ উপদ্ৰৱ। শিঙীয়া গেন্ধালী মাজৰাটী গাঁৱত নিশা বনৰীয়া হাতীয়ে চলালে উপদ্ৰৱ। ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। নিশা হ’লেই বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাক জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰি সন্ত্ৰাসৰ চলাই অহাৰ ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায়। সোমবাৰে নিশাও নগাঁও জিলাৰ চামগুৰিৰ শিঙীয়া গেন্ধালী মাজৰাটী গাঁৱত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকটোৱে মানুহৰ ঘৰৰ ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। নিশা হ’লেই বনৰিয়া হাতীয়ে নগাঁও জিলাৰ অন্তৰ্গত চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি প্ৰায়ে উপদ্ৰব চলায়। ৰাইজে বন বিভাগক বনৰীয়া হাতীৰ উপদ্ৰবৰ নিয়ন্ত্ৰণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও বন বিভাগ এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। সোমবাৰে নিশা পুনৰ শিঙীয়া গেন্ধালী মাজৰাটী গাঁৱত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি উপদ্ৰব চলাই থকাৰ খবৰ বন বিভাগক দিয়াত বন বিভাগৰ লোক পুৱাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হয়।
উল্লেখ্য যে বনাঞ্চল ধ্বংসৰ পৰিনাম হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কিছুবছৰ ধৰি হাতী-মানুহৰ সংঘাত ব্যাপক হাৰত বৃদ্ধি পাইছে। বিভিন্ন সময়ত হাতীৰ আক্ৰমণত মানুহে প্ৰাণ হেৰুৱাব লগত পৰাৰ সমান্তৰালে মানুহৰ হাতত নিহত হৈছে বহু বনৰীয়া হাতী। এতিয়া প্ৰশ্ন হয় কেতিয়া নিয়ন্ত্ৰণলৈ আহিব ৰাজ্যত হাতী-মানুহৰ সংঘাত?