গুৱাহাটী

১ ছেপ্টেম্বৰ

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নত চিকিৎসাৰ ফোঁপোলা স্বৰূপ। চিকিৎসকৰ ভুল চিকিৎসাত অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল এজন ১৬ বছৰীয়া দৰিদ্ৰ পৰিয়ালৰ যুৱক। ভুক্তভোগী পৰিয়ালৰ অভিযোগ আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক কাকলি দাসৰ ভুল চিকিৎসক বাবে মৃত্যু ১৬ বছৰীয়া যুৱকৰ।

চিকিৎসকৰ ভুল চিকিৎসাৰ ফলত অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল আজাৰাৰ ওজাপাৰাৰ এজন ১৬ বছৰীয়া যুৱক। অতি দৰিদ্ৰ পৰিয়ালৰ উৎপল দাস নামৰ ১৬ বছৰীয়া যুৱক জন যোৱা দেওবাৰে জ্বৰত আক্রান্ত হোৱাত পৰিয়ালৰ লোকে যুৱক জনক আজাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ গৈছিল। যুৱক জনৰ পৰিয়ালৰ লোকৰ অভিযোগ আজাৰা চিকিৎসা কেন্দ্ৰত চিকিৎসক কাকলি দাসে জ্বৰত ভোগা উৎপল দাসক চিকিৎসা প্ৰদান নকৰি দুৰব্যৱহাৰ আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰি চিকিৎসক কাকলি দাসে যুৱক জনত এটি টেবলেট খাব দিছিল। টেবলেট খোৱাৰ পিছত যুৱক জনৰ নাকে মুখে তেজ ওলাই আহিছিল আৰু পৰৱৰ্তী সময়ত কাকলি দাস নামৰ চিকিৎসক গৰাকীয়ে যুৱক জনক পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাললৈ প্ৰেৰণ কৰে। ততাতৈয়াকৈ পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত যুৱক জনক মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাললৈ নিয়াৰ পথত যুৱক জনৰ মৃত্যু ঘটে। চিকিৎসক কাকলি দাসৰ ভুল চিকিৎসা আৰু ৰোগীক দুৰব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মৃত উৎপল দাসৰ পৰিয়ালৰ লোকে মঙলবাৰে আজাৰা আৰক্ষী থানাত চিকিৎসক গৰাকীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে। মৃত উৎপল দাসৰ পৰিয়ালৰ অভিযোগ আৰু এজাহাৰৰ ভিত্তিত ইতিমধ্যে আজাৰা আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

আজাৰাৰ মৃত উৎপল দাসৰ মাতৃ বিজয়া দাস আৰু পিতৃ বীৰেন দাস দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে। ইফালে উৎপল দাসৰ পৰিয়াল আৰু স্থানীয় ৰাইজে ভুল চিকিৎসা আৰু ৰোগীক দুৰব্যৱহাৰ, অশ্লীল শব্দৰে গালি দিয়া চিকিৎসক কাকলি দাসক বিহীত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে।