গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৩ মেঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চিকিৎসালয়খনত চিকিৎসাধীন এগৰাকী কিশোৰীয়ে চিকিৎসাৰ বাবে প্ৰয়োজনীয় আৰ্থিক অনাটনৰ বাবে চিকিৎসালয়ৰ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ অপচেষ্টা চলায় বুলি জানিবলৈ দিয়ে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত আৰোগ্য নোপোৱাত হতাশ হৈ মানসিকভাৱে কিশোৰী গৰাকী দুৰ্বল হৈ পৰিছিল। উন্নত চিকিৎসাৰ বাবে পদুমণি চাহ বাগিচাৰ শ্ৰমিক হিচাপে কৰ্মৰত কিশোৰী গৰাকীৰ পিতৃ মাতৃৰ ধনৰ অভাৱৰ বাবেই কিশোৰী গৰাকীয়ে বাছি লৈছিল এনে চৰম পন্থা। চিকিৎসালয়ৰ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ অপচেষ্টা কৰা কিশোৰী গৰাকী আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংজ্ঞাহীন অৱস্থাত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।