আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৭ অক্টোবৰ

শিৱসাগৰত মানৱতাক ভূ-লুণ্ঠিত কৰা ভয়ংকৰ ঘটনা৷ স্বাস্থ্যমন্ত্ৰী শিৱসাগৰত থাকোতেই চিকিৎসালয়ৰ ষ্টেচাৰতে প্ৰসূতিয়ে জন্ম দিলে সন্তান, কভিড পৰীক্ষাৰ নামত চিকিৎসালয় কৰ্তৃপক্ষৰ অমানৱীয় নিৰ্যাতন।এখন চৰকাৰী চিকিৎসালয়ৰ কভিড পৰীক্ষা ৰিপৰ্ট মানি নলয় আন এখন চৰকাৰী চিকিৎসালয়ে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কভিড চেণ্টাৰত ষ্টেচাৰত সন্তান প্ৰসৱ।

কভিড-১৯ ৰ গইনা লৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হ’ল এক আজৱ কাণ্ড।মানৱতাৰ ভূ-লুণ্ঠনেৰে ষ্টেচাৰতে এগৰাকী প্ৰসূতিয়ে জন্ম দিলে সন্তান। কভিড পৰীক্ষাৰ নামত চিকিৎসালয় কৰ্তৃপক্ষই চলোৱা নিৰ্যাতনক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ কোনো চিকিৎসক তথা নাৰ্ছ নোহোৱাকৈ কভিড পৰীক্ষা কেন্দ্ৰত ষ্টেচাৰতে ভুমিষ্ঠ সন্তান। নাড়ী নকটাকৈ কভিড টেষ্ট সম্পন্ন। এনে আজৱ ঘটনা সংঘটিত হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত।

শুকুৰবাৰে নিশা গেলেকী সোনাপুৰৰ পদ্মাণী নায়ক নায়ৰ এগৰাকী মহিলাক জৰুৰীকালীনভাৱে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আঠ মাহৰ গৰ্ভৱতী পদ্মাণীক প্ৰথমে গেলেকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নিয়া হৈছিল যদিও অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় মহিলা গৰাকীক। লিগিৰী পুখুৰী চিকিৎসালয়ত কভিড পৰীক্ষা সম্পন্ন কৰাৰ পাছত ৰিপৰ্ট নিগেটিভ অহাত চিকিৎসকে চাই শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মহিলা গৰাকীক৷ পেচাত শ্ৰমিক পদ্মাণীৰ স্বামী শম্ভু নায়কে ততাতয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মহিলা গৰাকীল লৈ আহে যদিও পুনৰ কভিড পৰীক্ষা নকৰিলে চিকিৎসা প্ৰদান নকৰে বুলি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নাৰ্ছ এগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

লিগিৰী পুখুৰী চিকিৎসালয়ত কিছু সময় পূৰ্বে কভিড পৰীক্ষা কৰি ৰিপৰ্ট নিগেটিভ অহা বুলি বাৰম্বাৰ কোৱাৰ পাছতো চিকিৎসা প্ৰদান কৰিবলৈ সন্মত নোহোৱাত পদ্মাণীক এখন ষ্টেচাৰত উঠাই শম্ভু আৰু মীৰা বাৰাইক নামৰ মহিলা এগৰাকীয়ে চিকিৎসালয় চৌহদত থকা কভিড পৰীক্ষা কেন্দ্ৰলৈ আনে। উক্ত পৰীক্ষা কেন্দ্ৰত কভিড টেষ্ট কৰিব লোৱাৰ সময়তে কোনো চিকিৎসা কৰ্মী নথকাৰ অৱস্থাত পদ্মাণী নায়কে ষ্টেচাৰতে এক সন্তান প্ৰসৱ কৰে।তেনে অৱস্থাতে কভিড টেষ্ট সম্পন্ন কৰি ৰিপৰ্ট নিগেটিভ অহাৰ পাছতহে পদ্মাণী নায়ক আৰু সদ্যোজাতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

যি সময়ত দুখীয়া ৰাইজৰ সুবিধাৰ অৰ্থে চৰকাৰী চিকিৎসালয় সমূহত উন্নত চিকিৎসা ব্যৱস্থা কৰা হৈছে বুলি চৰকাৰখনে সঘনাই ঘোষণা কৰি আহিছে, সেই সময়ত কভিডৰ দোহাই দি একেই চৰকাৰী চিকিৎসালয়ত কৰা পৰীক্ষাৰ ৰিপৰ্ট মানিবলৈ অস্বীকাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পুনৰ টেষ্ট কৰাবলৈ বাধ্য কৰোৱা হৈছে আপাতকালীন ৰোগীক। ফলত অতি সংকটজনকভাৱে প্ৰসূতিয়ে ষ্টেচাৰতে সন্তান জন্ম দিব লগীয়া হৈছে৷

এতিয়া কথা হ’ল কভিডৰ নামত ৰোগীৰ সৈতে হেতালি খেলা হৈছে নেকি? কিয় মহকুমা চিকিৎসালয়ৰ কভিড পৰীক্ষা ৰিপৰ্ট মানি ততালিকে প্ৰসূতি গৰাকীৰ চিকিৎসা ব্যৱস্থা কৰিব পৰা নগ’ল? কিয় এগৰাকী প্ৰসূতিয়ে ষ্টেচাৰত সন্তান দিব লগা হ’ল? যি সময়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰী ক্ষেত্ৰত প্ৰথমতে চিকিৎসা আৰু পিছতহে কভিড পৰীক্ষাৰ কথা উল্লেখ কৰি আহিছে সেই সময়তেই শিৱসাগৰত সংঘটিত এই ঘটনাই মানৱতাৰ ভূ-লুণ্ঠিত হোৱাৰ প্ৰকৃত ছবিখনহে উদঙাই তুলিছে৷