পলাশবাৰী,সংবাদ ৩৬৫, ৪ আগষ্টঃ  প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ এতিয়া আৰু আপুনি চিলং,চেৰাপুঞ্জিলৈ যোৱাৰ পৰিৱৰ্তে অসম-মেঘালয় সীমান্তৰ পলাশবাৰী সমষ্টিৰ বাৰেগাওৰ এট জলপ্ৰপাতে হাতবাউলি মাতিব আপোনাক৷  প্ৰকৃতিৰ এক অপৰুপ দৃশ্য৷ পথৰ দুয়োকাষে চাহ বাগিচা আৰু মূল্যৱান শাল গছৰ বিৰল দৃশ্য৷ গুৱাহাটীৰ মহানগৰীৰ পৰা কিছূ দূৰৈত থকা ঐতিহ্যময় চানডুবি বিলৰ পৰা প্ৰায় ৫ কিঃমিঃ নিলগত অৱস্থিত এই জলপ্ৰপাতটো৷ এই জলপ্ৰপাতটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰা মানুহ ঢাপলি মেলিছে৷ অসম-মেঘালয় সীমান্তত লাগি থকা এই জলপ্ৰপাতৰ চৌপাশে আৱৰি আছে  সেউজীয়া পাহাৰে৷ সকলোৰে মন মুহিত কৰিব পৰা এই জলপ্ৰপাতটো বৰ্তমানেও ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে ঢুকি পোৱা নাই৷ যাৰ ফলত প্ৰচাৰ তথা বিভিন্ন ক্ষেত্ৰৰ পৰা অৱহেলিত হৈ আছে এই জলপ্ৰপাতটো৷ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে এই জলপ্ৰপাতটো নিজৰ অধীনত ল’লে জলপ্ৰপাতটোৰ পৰা সংগ্ৰহ হ’ব বৃহৎ ৰাজহ৷ যদিহে এই জলপ্ৰপাতটো ৰাজ্যৰ পৰ্যটন বিভাগে নিজৰ অধীনত নলয় তেন্তে হয়টো অতিসোনকালে পলাশবাৰী সমষ্টিৰ বাৰেগাওৰ সকলোৰে মনমুহিত কৰিব পৰা এই বৃহৎ জলপ্ৰপাতটো মেঘালয়ে অসমৰ বুকুৰ পৰা কাঢ়ি লৈ গৈ মেঘালয়ৰ মানচিত্ৰত অৰ্ন্তভুক্ত  কৰি ল’ব৷ সেয়ে সময় থাকোতে পৰ্যটন বিভাগক কিবা এটা দায়িত্ব গ্ৰহন কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে৷