চিৰাঙ, সংবাদ ৩৬৫, ১ আগষ্টঃ চিৰাঙৰ কাজলগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি গৈ থকা ১৬ চকীয়া মালবাহী ট্ৰাকে মহতিয়াই নিলে এখন যাত্ৰীবাহী অটো৷ ফলত কেইবাজনো যাত্ৰী আহত হয়৷ তাৰে দুজনৰ অবস্থা সংকটজনক৷ আহত সকলক ইতিমধ্যে কাজলগাঁওস্থিত জে এচ বি অসামৰিক চিকিৎসালয়লৈ আৰু বঙাইগাওঁ চহৰলৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য যে চিৰাং জিলাৰ ৩১(চি) নং ৰাষ্ট্ৰীয় ঘাই পথ ফোৰলেনলৈ নিৰ্মান হোৱাত এটা কাৰ্লভাৰ্ট ভাঙি যোৱাৰ বিসংগতিৰ ফলতে পথচোৱাৰ এটা অংশ বন্ধ হৈ আছে বহু দিনৰ পৰা৷ এই ক্ষেত্ৰত জিলা পৰিবহন বিভাগে তথা জিলাখনৰ যান বাহন নিয়ন্ত্ৰন আৰক্ষীৰ দুৰ্বলতাৰ ফলত এই ধৰনৰ দুৰ্ঘটনা সঘনাই হৈ থকা পৰিলক্ষিত হৈছে৷ গায়ত্ৰী কনস্নট্ৰাক্সন কোম্পানিয়ে ফোৰলেন নিৰ্মানৰ ব্যাপক হাৰত দুৰ্নিতিৰে পথ নিৰ্মানৰ ফলতে ৩১(চি) ৰাষ্ট্ৰীয় ঘাই পথৰ চিৰাং জিলাৰ কেবাঠাইত ভয়ানক পৰিস্থিতি হৈ আছে যদিও ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে কোনো বিশেষ ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে পথত টোল গেট বহাই ধন সংগ্ৰহ কৰিব পাৰে কিন্ত পথচোৱাৰ সঠিক ভাৱে চোৱাচিতা নকৰে৷ উল্লেখ্য যে খুব কম সময়ৰ ভিতৰত চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তি দহলা পাৰাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে টোল গেট বহোৱাৰ কুচ কাৱাজ চলাই থকা পৰিলক্ষিত হৈছে ।