চিৰাঙ, সংবাদ ৩৬৫, ১৮ আগষ্ট: চিৰাঙ জিলাৰ বিজনী শিশু কল্যান বিদ্যালয়ৰ দশম মানৰ ছাত্ৰী বিজনীৰ পাল পাৰৰ ৪ নং ৱাৰ্ডৰ পিতৃ নাৰায়ণ আৰ্য আৰু মাতৃ শ্যামলা আৰ্যৰ দ্বিতীয় কন্যা মৃদুলা আৰ্য(১৬) যোৱা দেওবাৰৰ পৰাই সন্ধানহীন হৈ আছে। মৃদুলাৰ পিতৃ পেছাত এজন ৰিক্সা চালক। দেওবাৰে ৰাতিপুৱা মৃদুলাই ৮:৩০ বজাত টিউচনলৈ বুলি কান্ধত বেগ আৰু পৰিধানত নীলা জিনছ পেন্টৰ সৈতে আকাশী ৰঙৰ টপ পিন্ধি ওলাইছিল। কিন্তু সেই তেতিয়াৰ পৰাই ছাত্ৰী মৃদুলা আজি ৬ দিন ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে নিজৰ আত্মীয় তথা বন্ধু বান্ধৱীৰ ঘৰত খবৰ কৰিছে যদিও বৰ্তমানেও ছাত্ৰী গৰাকীৰ কোনো সম্ভেদ পোৱা নাই। এই সন্দৰ্ভত পৰিয়ালৰ লোকে বিজনী থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে ছাত্ৰী গৰাকীৰ সন্ধান পালে ৯০৮৫৩৩২৩৫৩ আৰু ৯১৮৪৮৬৭৬৫৮৭১ এই নম্বৰ দুটাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।