নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ মাৰ্চ : মাৰাত্মক কৰ’ণা ভাইৰাছে চীনত তাণ্ডৱ চলাই থকাৰ মাজতে ভূতৰ ওপৰত দানব পৰা দি চীনত আবিৰ্ভাৱ হৈছে এক নতুন ভাইৰাছৰ। কৰ’ণা ভাইৰাছৰ উৎপতিস্থল চীনৰ য়ুহান প্ৰদেশত আবিৰ্ভাৱ ঘটিছে মাৰাত্মক হান্তা ভাইৰাছৰ। হান্তা ভাইৰাছত আক্রান্ত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আক্রান্ত হৈছে ৩২ গৰাকীকৈ লোক।

চীনৰ য়ুহান প্ৰদেশত উৎপত্তি ঘটা কৰ’ণা ভাইৰাছে যি সময়ত সমগ্ৰ বিশ্বত তাণ্ডৱ অব্যাহত ৰাখিছে সেই সময়তে য়ুহান প্ৰদেশত নতুনকৈ উৎপত্তি ঘটা হান্তা ভাইৰাছ বিশ্ববাসীৰ সন্মুখত এক নতুন প্ৰত্যাহ্বান হৈ থিয় দিয়াৰ সম্ভাবনা আহি পৰিছে। কৰ’ণা ভাইৰাছৰ লগত বিশ্ববাসীৰ যুদ্ধ অব্যাহত থকাৰ মাজতে গ্লে’বেল টাইমছ নামৰ বাতৰি প্ৰতিষ্ঠানৰ এক বাতৰি অধিক চিন্তিত কৰি তুলিছে বিশ্ববাসীক। বাতৰি প্ৰতিষ্ঠানটোৰ বাতৰি অনুসৰি চীনৰ য়ুহান প্ৰদেশৰ এখন চাৰ্টাৰ বছৰে যাত্রা কৰি অৱস্থাত এজন ব্যক্তি হান্তা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। বাতৰি প্ৰতিষ্ঠানটোৰ বাতৰি অনুসৰি বাছখনত থকা অন্যান্য ৩২ গৰাকী লোকৰ শৰীৰটো হান্তা ভাইৰাছৰ সংক্ৰমণ ঘটাৰ সম্ভাৱনা আছে। বৰ্তমানৰ তথ্য অনুসৰি মাৰাত্মক হান্তা ভাইৰাছৰ বাহক হৈছে এন্দুৰ আৰু নিগনি জাতীয় কৃন্তক প্ৰাণী। এন্দুৰ আৰু নিগনি জাতীয় কৃন্তক প্ৰাণীৰ চকু, নাক, কাণ, মুখ স্পৰ্শ কৰাৰ লগতে কৃন্তক জাতীয় প্ৰাণীৰ মল আৰু মূত্ৰ স্পর্শ কৰিলে মাৰাত্মক হান্তা ভাইৰাছ মানুহৰ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে।

হান্তা ভাইৰাছত আক্রান্ত লোকৰ তীব্ৰ জ্বৰ, মাংসপেশীৰ বিষ, মূৰৰ বিষ, পেটৰ বিষৰ নিচিনা সমস্যাত ভোগে। হান্তা ভাইৰাছত আক্রান্ত লোকৰ বমি হোৱাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাও দেখা দিয়ে।