দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰী : ফকীৰগঞ্জত শনিবাৰে পুৱাৰ ভাগত এখন চুপাৰি ভৰ্তি গাড়ীৰ পৰা ওলাল নাহৰফুটুকী বাঘৰ পোৱালি। পিক আপ ভেন এখনৰ পৰা চুপাৰি নমাই থকা অৱস্থাত ৰাইজে গাড়ীৰ ভিতৰত প্ৰত্যক্ষ কৰে নাহৰফুটুকী বাঘৰ পোৱালিটো।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকীৰগঞ্জত শনিবাৰে পুৱাৰ ভাগত এটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হোৱাৰ ঘটনাই সকলোকে আচম্ভিত কৰি তোলে। পুৱাৰ ভাগত ফকীৰগঞ্জত পিক আপ ভেন এখন চুপাৰিলৈ উপস্থিত হোৱত ভেনখনৰ পৰা চুপাৰি নমাই থকা অৱস্থাত এজন ব্যক্তিয়ে চুপাৰিৰ মাজতে প্ৰত্যক্ষ কৰে এটা নাহৰফুটুকী বাঘৰ পোৱালি। চুপাৰিৰ মাজত নাহৰফুটুকী বাঘৰ পোৱালি প্ৰত্যক্ষ কৰি ব্যক্তিজন আচম্ভিত হৈ পৰে আৰু ওচৰত থকা অন্য ব্যক্তি সকলক গাড়ীৰ ভিতৰত নাহৰফুটুকী বাঘৰ পোৱালি থকা বুলি জানিবলৈ দিয়ে। গাড়ীৰ ভিতৰত নাহৰফুটুকী বাঘৰ পোৱালি থকাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাত শতাধিক লোকে নাহৰফুটুকী বাঘৰ পোৱালিটোক চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। পিছত স্থানীয় কিছুমান ৰাইজে আৰক্ষীক খবৰ দিয়াত ফকিৰগঞ্জ আৰক্ষীক উপস্থিত হৈ নাহৰফুটুকী বাঘৰ পোৱালীটোক উদ্ধাৰ কৰি বনবিভাগক খবৰ দিয়ে।

জানিব পৰা মতে পিক আপ ভেনখন ফকীৰগঞ্জৰ পৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চূনাৰী পাহাৰত চুপাৰি কিনিবলৈ গৈছিল। চুপাৰি ভৰ্তি কৰাৰ পিছত চূনাৰী পাহাৰৰ পৰা নাহৰফুটুকী বাঘৰ পোৱালিটো ভেনখনৰ ভিতৰত সোমাই আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।