বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ১৮ আগষ্ট: বিশ্বনাথৰ কোছঁগাঁওত অবস্থিত চেম্পিয়নছ মেকাৰ একাডেমীয়ে যোৱা ১৬ আগষ্টত এবছৰ সম্পুৰ্ণ কৰে ৷ একাডেমী খনৰ সঞ্চালক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষক তথা আন্তৰাষ্ট্ৰীয় সমৰকলাবিদ হৃদয়ানন্দ দাস আৰু সহকাৰী প্ৰশিক্ষক মনোজ মেধীৰ প্ৰশিক্ষনত কাৰাটে, টাইকোৱানডো, মুইথাই, চৈকোৱাংডো, কিক্ বক্সিংৰ বিভিন্ন প্ৰতিযোগিতাত বিশ্বনাথৰ এই কেন্দ্ৰটিৰ পৰা ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহন কৰি শতাধিক পদক জিলা পৰ্যায়ত, ২৫ টা পদক ৰাজ্যিক পৰ্যায়ত , ১১টা পদক ৰাষ্ট্ৰীয় পৰ্যায়ত (৬টা সোন ৩ ৰূপ ২ টা ব্ৰঞ্জৰ) আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৪টা (১সোন, ১ৰূপ আৰু ২টা ব্ৰঞ্জ) পদক জিকি একাডেমী খনৰ লগতে বিশ্বনাথ জিলা আৰু অসমলৈ গৌৰব কঢ়িয়াই আনিছে ৷ অতিকম সময়ৰ ভিতৰত একাডেমী খনে উত্তৰ পূব ভাৰতত চৈ কোৱাং ডো কৰ্মশালাও অনুষ্ঠিত কৰে ৷ কেন্দ্ৰটোৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে বিশ্বনাথ আৰু শোনিতপুৰ জিলাৰ জিলা ক্ৰীড়া বিষয়া মনোৰমা দাস ৷ জিলা ক্ৰীড়া বিষয়াগৰাকীয়ে কেন্দ্ৰটিৰ ভূয়সী প্ৰশংশা কৰি কয় অনাগত দিনত এই কেন্দ্ৰ টি সমগ্ৰ ভাৰতবৰ্ষত জিলিকি উঠিব আৰু তেখেতৰ পূৰ্ণ সহযোগীতা কেন্দ্ৰটোৰ প্ৰতি সদায়ে থাকিব ৷ উক্ত অনুস্থানত উপস্থিত থাকে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱা, জিলাখনৰ এখন আগশাৰী নাৰ্চিংহোম সঞ্জীৱনী হস্পিটালৰ স্বত্বাধিকাৰী শ্বপ্না সৰকাৰ, টংকেশ্বৰ ওজা, প্ৰশান্ত ৰংহং ৰ লগতে অভিভাৱক সকল উপস্থিত থাকে ৷