আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

১৮ অক্টোবৰ

চোৰাং পশুধন সৰবৰাহকাৰীক আটক কৰিবলৈ গৈ এগৰাকী কনিষ্টবলৰ মৃত্যু। চোৰাং পশুধন সৰবৰাহকাৰীক খেদি খেদি আটক কৰিবলৈ গৈ পুখুৰীত পৰি কনিষ্টবলৰ মৃত্যু।

দক্ষিণ শালমাৰা মানকাচৰত অব্যাহত আছে চোৰাং পশুধনৰ অবৈধ বেহা। শনিবাৰে নিশা মানকাচৰৰ কুকুৰমাৰাত ঝালেৰচৰস্থিত এটা বেটেলিয়ানৰ দলে চোৰাং পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ ভাৰত-বাংলাদেশ সীমান্তত পুখুৰীৰ পানীত পৰি ৰবিন দাস নামৰ এগৰাকী কনিষ্টবলৰ মৃত্যু হয়। সহকৰ্মী সকলে ৰবিন দাসক বচাবলৈ চেষ্টা কৰে যদিও চেষ্টা বিফল হয়। পৰৱৰ্ত্তী সময়ত এছডিআৰএফ বাহিনী দল ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা ৰবিন দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। আনহাতে বেটেলিয়ানৰ দলটোৱে ঘটনাস্থলীৰ পৰা দুটাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বিগত কিছদিন ধৰি আৰক্ষীয়ে দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই বৃহৎ পৰিমাণৰ পশুধন জব্দ কৰাৰ লগতে কেইবাগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নদীপথ সমূহেৰে একাংশ পশুধন সৰবৰাহকাৰীয়ে প্ৰতিদিনে ব্যাপক হাৰত বাংলাদেশলৈ চোৰাংভাৱে পশুধন চালান অব্যাহত ৰাখিছে।