দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰীঃ কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ একাংশ চৰকাৰী স্কুলত প্ৰধান শিক্ষকে নাম ভৰ্তিৰ সময়ত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত এইবাৰ চৰকাৰী স্কুলত ছাত্ৰীসকলক চৰকাৰী আঁচনিৰ চাইকেল প্ৰদান কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। জিলাখনৰ পাটাকাটা জনপ্ৰিয় হাই স্কুলৰ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে উঠিছে চাইকেল প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ। অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ হাইস্কুলত অধ্যয়নত নৱম শ্ৰেণীৰ ছাত্ৰীসকলক স্কুললৈ যাতায়তৰ বাবে বিনামূলীয়া চাইকেল বিতৰণৰ এক আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অন্তৰ্গত দক্ষিণ শালমাৰাৰ পাটাকাটা জনপ্ৰিয় হাই স্কুলত অধ্যয়নত শতাধিক ছাত্ৰীৰ নামত বিনামূলীয়া চাইকেল আবন্টন হৈছে। আবন্তিত চাইকেলসমূহ স্কুল কতৃপক্ষই নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ ছাত্ৰীসকলক বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে যদিও চাইকেলসমূহ বিতৰণৰ সময়ত স্কুলখনৰ প্ৰধান শিক্ষক আব্দুল কাদেৰ মিয়া প্ৰতিগৰাকী ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিছে ১৫০ কৈ টকা। প্ৰধান শিক্ষকজনে এনেদৰে টকা সংগ্ৰহ কৰাত প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় লোকসক। বিনামূলীয়া চাইকেল বিতৰণৰ নামত ধন সংগ্ৰহ কৰা প্ৰধান শিক্ষকজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই স্থানীয় ৰাইজে অহা সোমবাৰে প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ বিৰুদ্ধে জিলা উপায়ুক্ত আৰু শিক্ষা মুন্ত্ৰীলৈ এটি অভিযোগ দাখিল কৰিব।