নলবাৰী, সংবাদ ৩৬৫, ৩১ জুলাইঃ বৰ্তমান সময়ত সমগ্ৰ উত্তৰ পূৱ ভাৰতত নিহনুৱা সমস্যাই কোঙা কৰি তোলাৰ সময়তে উত্তৰ পূৱ ভাৰতৰ নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আগভাগ লোৱা নলবাৰীৰ এগৰাকী মহিলা, নাম অঞ্জনা চক্ৰৱৰ্তী ।২০১০চনত নলবাৰীৰ সমাজ কল্যাণ বিভাগৰ চুপাৰ ভাইচৰ পদৰ চাকৰি বাদ দি তেতিয়াৰ পৰাই পশুপালন কৰি আহিছে মহিলা গৰাকীয়ে৷ জিলাখনৰ সন্ধাত এই উদ্যোমী মহিলা গৰাকীযে লাইভ ষ্টক চেন্টাৰ জন্ম দি পশুপালনৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা দেখা গৈছে।নিজৰ লগত আন দহজনকো বিভিন্ন ধৰণৰ সা সুবিধাৰ লগতে পশুপালনৰ ফ্ৰি ট্ৰেইনিং কৰাই স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰি তুলিছে উদ্যোমী মহিলা গৰাকীয়ে। এই লাইভ ষ্টক চেন্টাৰত গৰু,মহ,ছাগলী, গাহৰি, মুৰ্গী, ইমু চৰাই, গিনি ফাৱেল আদি পুহি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত চমক সৃষ্টি কৰি তুলিছে।এই ফ্ৰামৰ অধীনত ১০০ তকৈ অধিক চেটেলাইট ফ্ৰাম গঢ় লৈ নলবাৰী জিলাত এই ফ্ৰামৰ যোগেদি গঢ়ি উঠিছে দুগ্ধ বিপ্লৱ।মহিলা গৰাকীৰ স্বামী বিভুতি চক্ৰৱৰ্তীৰ বিভিন্ন সহযোগিতাত এনে ধৰণৰ এক সুন্দৰ পদক্ষেপ ল’বলৈ আগবাঢ়িব পাৰিছে বুলি জানিবলৈ দিয়ে মহিলা গৰাকীয়ে৷