চৰাইদেউৰ পৰা আছিকুৰ ৰহমান, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰীঃ  ঐতিহাসিক চৰাইদেউ জিলাৰ অন্তৰ্গত চৰাইদেউ মৈদামস্থলীৰ কাষত থকা ঐতিহাসিক পেটুধোৱা পুখুৰীত আহোম যুগৰ মূল্যবান সম্পদ উদ্ধাৰ হৈছে। আহোম যুগৰ সোণৰ ড্ৰেগন আকৃতিৰ এই সম্পদ এনৰেগা আচঁনিৰ অন্তৰ্গত কিছুমানলোকে পেটুধুৱা পুখুৰী হেচি থকা অৱস্থাত সম্পদ উদ্ধাৰ কৰে। ড্ৰেগন আকৃতিৰ এই সোণৰ সম্পদ ডাঙৰ আকৃতিৰটো ৬ কেজি ওজনৰ, দীঘল ২ ফুট ৬ ইন্চী আৰু সৰুটো ৪ কেজি ওজনৰ, ২ ফুট ৫ ইন্চী দীঘল। সম্পদ কেইটা উদ্ধাৰ হোৱাৰ পিছত স্থানীয় ৰাইজে জিলা প্ৰশাসনক খবৰ দিয়াত জিলা প্ৰশাসনে উদ্ধাৰ হোৱা সম্পদ কেইটা উপায়ুক্ত কাৰ্য্যালয়ত অস্থায়ী হিচাবে সংৰক্ষণ থৈছে। চৰাইদেউ জিলা উপায়ুক্ত‌ বিবেকানন্দ ফুকনে জানিবলৈ দিয়ে যে উদ্ধাৰ হোৱা আহোম যুগৰ মূল্যবান সম্পদসমূহ চৰাইদেউস্থিত মিউজিয়ামত সংৰক্ষণ কৰা হব। বৰ্তমানলৈকে পূৰাতত্ব বিভাগৰ ব্যক্তি আহি উপস্থিত নোহোৱাত উদ্ধাৰ হোৱা সম্পদ দুটাৰ বিষয়ে অধিক তথ্য জানিব পৰা হোৱা নাই।