বৰহাটৰপৰা সুৰেণ বুঢ়াগোঁ‌হাই, ২৩ ডিচেম্বৰঃ  চৰাইদেউ জিলাৰ বৰহাটত যোৱা ১৫ ডিচেম্বৰৰ পৰা চলি থকা প্ৰথম শীতকালীন উশ্বু প্ৰশিক্ষণ শিবিৰৰ শুক্ৰবাৰে সফল সমাপ্তি ঘটে। চৰাইদেউ জিলা উশ্বু সন্থাৰ সাধাৰণ সম্পাদক ৱাংমান ৱাংচু য়ে সংবাদ মধ্যমৰ আগত জানিবলৈ দিয়া মতে চৰাইদেউ জিলা উশ্বু সন্থাৰ উদ্যোগত অনুস্থিত হোৱা প্ৰথম শীতকালীন প্ৰশিক্ষণ শিবিৰটো ভাৰতীয় সেনাবাহিনীৰ ডাঙৰীকুমাৰস্থিত ‘ডাও ডিভিজন আৰ্মী কেম্প’ৰ পুৰ্ণ সহযোগিতাৰে বৰহাট ক্লাৱত শুক্ৰবাৰে সফল সমাপ্তি ঘটে। প্ৰশিক্ষক বিমল সিং আৰু ৱাংমান ৱাংচুৰ নেতৃত্বত উক্ত প্ৰশিক্ষণ শিবিৰত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাসংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ শিবিৰটোৰ মূল উদ্দেশ্য আজি নৱপ্ৰজন্মক উশ্বু খেলৰ প্ৰতি আকৰ্ষিত কৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ৰাজ্যৰ ভিতৰুৱা অঞ্চলবোৰত শিশুসকলৰ মাজত প্ৰতিভা থকাৰ পিছতো উপযুক্ত সুবিধাৰ অভাৱত শিশুসকল থমকি ৰব লগা হয়। এনে ধৰণৰ প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে শিশুসকল নিজৰ প্ৰতিভা বিকাশৰ এক সুযোগ প্ৰদান কৰা হয়।