শিমলুগুৰিৰ পৰা নেকিবুল হক, ২৬ অক্টোবৰ: ঐতিহাসিক চৰাইদেউ মৈদামথলীত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া চৰাইদেউ মহোৎসৱৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত এখন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত হ’ব। ‘ক’ শাখাত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। তিনিশটা শব্দৰ ভিতৰত লিখা ৰচনা প্ৰতিযোগিতাৰ ‘ক’ শাখাৰ বিষয় হ’ল ‘পৰ্যটন কেন্দ্ৰ হিচাপে চৰাইদেউ’। চাৰিশটা শব্দ ভিতৰত লিখিবলগীয়া ‘খ’ শাখাৰ বিষয় হ’ল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাওলুং চুকাফাৰ অৱদান’। ‘খ’ শাখাত স্নাতক আৰু স্নাতকোত্তৰ কেউটা ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। ইচ্ছুক প্ৰতিযোগিসকলক ২৮ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ চৰাইদেউ মহোৎসৱৰ অস্থায়ী কাৰ্যালয়ত জমা দিব পাৰিব। প্ৰতিযোগিতাখনৰ বিষয়ে বিশদভাৱে জানিবলৈ ৯৯৫৪৬৬৪০২৮, ৯৪০১১২৫৭২৩, ৯৯৫৪২৮০২৯৩ আৰু ৮৪৭১৮২২৯৫৯ নম্বৰত যোগাযোগ কৰিবলৈ মহোৎসৱৰ প্ৰতিযোগিতা বিভাগৰ মৃদুল কোঁৱৰ আৰু মহন সন্দিকৈয়ে অনুৰোধ জনাইছে।