চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৯ মে’ : আৰ্থিক অনাতনৰ বাবে অসহায় হৈ পৰিছে এগৰাকী যুৱতী। আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ যুৱতী গৰাকীয়ে চিকিৎসাৰ বাবে সহায় বিচাৰি চৰকাৰলৈ জনাইছে আহ্বান। সোণাৰি মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা যুৱতী গৰাকীয়ে হেৰুৱাইছে দৃষ্টি শক্তি।

চৰাইদেউ জিলাৰ বৰহাট নগাকটা বলমী গাঁৱৰ ২৪ বছৰীয়া ৰুবী সোণোৱাল নামৰ যুৱতী গৰাকীয়ে সোণাৰি মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি বিশ্ববিদ্যালয়ত পঢ়া প্ৰৱল ইচ্ছা থকাৰ পাছতো ঘৰৰ আৰ্থিক দুৰাৱস্থাৰ বাবে আধাতে পঢ়া সামৰিব কান্ধত তুলি ললে ঘৰৰ বোজা। ঘৰৰ আৰ্থিক অৱস্থা উন্নত নোহোৱাত স্বাৱলম্বীতাৰ বাবে ডিব্ৰুগড়ত এটা বেচৰকাৰী চাকৰি কৰি নিজৰ লগতে পৰিয়ালকো সহায় কৰা ৰুবী সোণোৱালৰ দূৰ্ভগীয়া পৰিয়ালটোলৈ হঠাৎ নামি আহিল অমানিশা। গাধোৱা কোঠাত পিচলি পৰি মুৰত গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত হোৱা ৰুবী সোণোৱালৰ দৃষ্টিশক্তি লাহে লাহে কমি অহাত চিকিৎসকৰ কাষ চাপে ৰুবী সোণোৱাল। চিকিৎসকে সকলো পৰীক্ষা কৰি মূৰত গুৰুত্বৰভাবে আঘাট পোৱা ৰুবীৰ মূৰৰ অচিৰেই অপাৰেচন কৰাৰ পৰামৰ্শ দিয়ে। চিকিৎসকৰ পৰামৰ্শৰ পিছতে আৰ্থিকভাবে দুৰ্বল পৰিয়ালটোৰ মূৰত যেন আকাশ ভাগি পৰিছে। আৰ্থিকভাবে অসহায় ৰুবীৰ মাতৃ মলিনী সোণোৱালৰ এতিয়া শেষ আশা ৰাইজৰ লগতে চৰকাৰ।

ৰুবীৰ পৰিয়ালে এতিয়া ৰাইজৰ লগতে স্থানীয় বিধায়ক তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। ৰাইজৰ অলপ সহায় সহযোগ পালেই ৰুবী সোণোৱালে এটা নৱ জীৱন লাভ কৰিব। সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে যি সকল ব্যক্তিয়ে যুৱতী গৰাকীৰ মুখৰ হাঁহি জীয়াই ৰখাৰ স্বাৰ্থত সহায় কৰিব বিচাৰে তলত দিয়া মাতৃৰ বেংকৰ একাউন্ট নম্বৰত আৰ্থিক সাহাৰ্য্য আগবঢ়াব পাৰিব।

মলিনী সোণোৱাল
একাউণ্ট নম্বৰ 7174010011676
BORHAT BRANCH
IFSC – UTBI0RRBAGB
দূৰভাষঃ-9954017996