চৰাইদেউ, সংবাদ ৩৬৫, ৪ মেঃ চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্ত আৰু অসম অৰুণাচল সীমান্তত সেনা আৰু আৰক্ষীয়ে অভিযান চলাই এজন আলফা (স্ব)ৰ সদস্য আটক কৰাৰ লগতে এটা এনকিউ ৮১ ৰাইফল আৰু দুটা মেগজিনসহ ৭৮ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বৃহস্পতিবাৰে নিশা জিলা আৰক্ষী অধীক্ষক জিৎমল দলে’ৰ নেতৃত্বত সেনা আৰু আৰক্ষীয়ে চলোৱা অভিযানত নিৰ্মল অসম ওৰফে নিৰ্মল খাকলাৰীক নামৰ এজন আলফা (স্ব)ৰ সদস্যক সাপেখাতী গৰুখোৱা হাবীৰ পৰা আটক হয়৷ গৰুখোৱা হাবীত বাহৰ পাতি থকা আন তিনিজন আলফা (স্ব)ৰ সদস্য ক্ৰমে দিপ্ত অসম, দিব্য অসম আৰু আৰোহন অসম পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষী অধিক্ষকে জানিবলৈ দিয়ে৷ আলফা সদস্য নিৰ্মল অসমক আটক কৰাৰ পাছতেই শুক্ৰবাৰে পুৱাৰে পৰা নিৰ্মল অসমক লগত লৈ আৰক্ষী আৰু সেনাই ভোগবাৰী, বহলহাবি, বৰহ, বালিখেতিয়া আৰু চৰাইপুঙত তীব্ৰ আলফা বিৰোধী অভিযান অব্যাহত ৰাখিছে। অভিযানত আৰক্ষীয়ে বিয়লি ভাগত বৰহৰ পৰা এটা এনকিউ ৮১ বন্দুকৰ লগতে দুটা মেগজিন, ৭৮ জাঁই সক্ৰীয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷