বিলাসীপাৰা, সংবাদ ৩৬৫, ৫ নৱেম্বৰ: সোমবাৰে চৰাঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান লোৱা দেখা গ’ল ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে সোমবাৰে বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টিৰ নায়েৰ আলগা এলেকাত পি এম জি এছ ৱাইৰ চাৰিটা পথৰ পুণৰ নিৰ্মানৰ শিল্যান্যাস কৰে বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীয়ে। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আচঁনিৰ অধীনত যোৱা ২০০৭-০৮ ইংত নিৰ্মান আৰম্ভ হোৱা এ.এছ-০৫-২৫, ২৬, ৪১ আৰু ৪২ নং পেকেজৰ কাম আধৰুৱা হৈ আছিল। যাৰ ফলত নানান হাৰাশাস্তিত ভুগিব লগা হৈছিল উক্ত অঞ্চলবাসী ৰাইজে। বিধায়ক কাছিমীয়ে বিধান সভাত পাচঁ বাৰকৈ আৰু সাংসদ বদৰ উদ্দিন আজমলে পাৰ্লিয়ামেণ্টত তিনিবাৰকৈ উক্ত পেকেজৰ আধৰুৱা কামৰ দাবী উত্থাপন কৰাত বিভাগীয় কৰ্তৃপক্ষই উক্ত আধৰুৱা কাম সম্পুৰ্ণ কৰাৰ প্ৰয়োজনীয় ধন মুকলি কৰাত সোমবাৰে বিধায়ক কাছিমীয়ে উক্ত কামৰ আধাৰশিলা স্থাপন কৰে। জানিব পোৱা মতে ইয়াৰে এ.এছ-০৫-২৫ নং পেকেজৰ ছুৱাপাতা ৩য় খণ্ডৰ পৰা নায়েৰ আলগা ৩য় খণ্ডলৈ ১৫.৫০ কিঃমিঃ দৈৰ্ঘ্য পথৰ বাবে ৪৫০.০০লাখ টকা, এ.এছ-০৫ -২৬ নং পেকেজৰ মায়াৰচৰ ১ম খণ্ডৰ পৰা নায়েৰ আলগা ৩য় খণ্ডলৈ ৭.২৫ কিঃমিঃ দৈঘ্য পথৰ বাবে ৩১০.০০ লাখ টকা, এ.এছ-০৫-৪১নং পেকেজৰ নায়েৰ আলগা গৌৰাংঘাটৰ পৰা গুটিপাৰালৈ ৯.০৬ কিঃমিঃ দৈৰ্ঘ্য পথৰ বাবে ৩৮০.লাখ টকা, এ এছ-০৫-৪২ নং পেকেজৰ নায়েৰ আলগা ৭ম খণ্ডৰ পৰা নায়েৰ আলগা ৪ৰ্থ খণ্ডলৈ ৯.০৪ কিঃমিঃ দৈৰ্ঘ্য পথৰ বাবে ৩০০.০০লাখ টকা ধাৰ্য্য কৰা হৈছে। চৰাঞ্চলৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধানৰ পদক্ষেপ লোৱাত চৰাঞ্চলবাসী ৰাইজে সন্তষ্টি প্ৰকাশ কৰে।